সামূহিক শৌচাগাৰ:
স্বচ্ছ ভাৰত মিছন (আৰবান)ৰ নিয়মাৱলী অনুসৰি, এছ.বি.এমৰ (আৰবান) অধীনত, এই ধাৰণা কৰা হৈছে যে চহৰৰ পৰিয়ালসমূহৰ যিয়ে বৰ্তমানলৈকে মুকলিত নিত্যকৰ্ম সম্পন্ন কৰি আহিছে, তেওঁলোকৰ অন্ততঃ ২০ শতাংশই সমূহীয়া শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব। যিহেতু চহৰত ব্যক্তিগত শৌচাগাৰ নিৰ্মাণৰ বাবে ঠাইৰ অভাৱ তেওঁলোকে মুকলিত নিত্য-কৰ্ম কৰিবলৈ বাধ্যত পৰে।
এই সমূহীয়া শৌচাগাৰসমূহত নিৰ্দিষ্ট সংখ্যক টয়লেট শ্বীট, টয়লেট পেন আৰু পানীৰ যোগান ধৰা হব। তদুপৰি এই শৌচাগাৰসমূহত হয়তো একো একোটা নিজস্ব পচনশীল টেংকি থাকিব অথবা এনে বহুতো শৌচাগাৰ ভূ-গৰ্ভৰ তলেৰে সংযোগ ঘটাই একেটা পচনশীল টেংকিত লগ লগোৱা হব। হাত ধুবৰ বাবে যাৱতীয়া ব্যৱস্থাও উপলব্ধ হব।
পুৰুষ আৰু মহিলাই যাতে পৃথক শৌচাগাৰ ব্যৱহাৰ কৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা কৰিব লাগে। শাৰিৰীকভাৱে অক্ষম লোকৰ বাবে প্ৰয়োজীয় সা-সুবিধা যেনে- হুইলচেয়াৰৰ বাবে ৰেম্প, দৃষ্টিহীনৰ বাবে ব্ৰেইলিৰ দ্বাৰা নিৰ্দেশনা জ্ঞাপন ইত্যাদি নিশ্চিত কৰা হব।
নগৰীয়া স্থানীয় সংস্থায়ে সুনিশ্চিত কৰা প্ৰয়োজন যে স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মিত সকলো সমূহীয়া শৌচাগাৰ পুৰস্কাৰৰ মুখামুখিকৈ যাৱতীয় পানী যোগানৰ সৈতে নিৰ্মাণ কৰা হৈছে।
এনে শৌচাগাৰৰ সুবিধা লাভ কৰোতাসকল নগৰ অঞ্চলত বাস কৰা কিছুসংখ্যক পৰিয়ালৰ গোট হব যিয়ে সচৰাচৰ মুকলিত নিত্য-কৰ্ম সম্পন্ন কৰে আৰু যাৰ ঘৰত হয়তো ব্যক্তিগত শৌচাগাৰৰ বাবে প্ৰয়োজনীয় স্থান অথবা প্ৰয়োজনীয় অৰ্থৰ অভাৱ। নগৰীয়া স্থানীয় সংস্থাৰ দ্বাৰা পৰিকল্পিত এক বিশেষ প্ৰণালীৰে তেনে পৰিয়ালৰ গোটসমূহক চিনাক্ত কৰা হব। এনে প্ৰণালীৰ বাছনিত উঠিবলৈ পৰিয়ালসমূহে হয়তো আবেদন চামিল কৰিব লাগিব অথবা তেওঁলোকক চিনাক্তকৰণ কৰা হব যত স্থানীয় সাম্প্ৰদায়িক সংগঠনসমূহৰ কোনো ধৰণৰ সহযোগিতা গ্ৰহণ কৰা নহব। আনহাতে, অসামৰিক সামাজিক সংগঠনসমূহ যেনে- এন.জি.অ’, ৱাৰ্ড অথবা মহিলা সমিতি আদিৰ অংশগ্ৰহণত আগ্ৰহ প্ৰকাশ কৰা হৈছে। এনে আঁচনিৰ অধীনত সুবিধাপ্ৰাপ্ত লোকসকলক বাচনি কৰোতে তেওঁলোক থকা বস্তিসমূহ অনুমোদিত হয় সেয়া বিচাৰ কৰা নহয়।
এক বুজন সখ্যক পৰিয়ালৰ একো একোটা গ্ৰুপ গঠন হোৱাৰ পিচত নগৰীয়া স্থানীয় সংস্থায়ে তেওঁলোকৰ অঞ্চলৰ এডোখৰ নিৰ্দিষ্ট ঠাই শৌচাগাৰ নিৰ্মাণৰ বাবে বাচি উলিয়ায়। এনে কৰোতে ৰাজহ উত্পন্ন কৰিব পৰা সকলো ধৰণৰ সম্ভাৱ্য উত্স যেনে- মাটি, চাদ আৰু অন্যান্য সহজলভ্য উপাদানসমূহৰ সদব্যৱহাৰৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব।
এনে ধৰণৰ সমূহীয়া শৌচাগাৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো শৌচাগাৰৰ নামত ৪০ শতাংশ গ্ৰাণ্ট/VGF প্ৰদান কৰিব। সমূহীয়া শৌচগাৰ নিৰ্মাণৰ বাবে প্ৰতিটো শৌচাগাৰৰ খৰচ ৯৮০০০ টকা ধাৰ্য কৰা হৈছে আৰু তাৰোপৰি ৪০ শতাংশ গ্ৰাণ্ট/VGF হিচাপে ৩৯,২০০ টকা প্ৰতি শৌচাগাৰত প্ৰদান কৰা হব। সমগ্ৰ ৰাজ্যজুৰি নিৰ্মাণ হবলগীয়া সমূহীয়া শৌচাগাৰ মিছনৰ বাবে সম পৰিমাণৰ গ্ৰাণ্ট আগবঢ়োৱা হব। বাকী ৰৈ যোৱা ফাণ্ডৰ পৰিমাণ অনুচ্ছেদ ২.৬ত উল্লেখ কৰাৰ দৰে উত্পন্ন কৰিব লাগিব। ইউ.এল.বিয়ে অস্থায়ী শৌচাগাৰো সমূহীয়া শৌচাগাৰ ৰূপে যোগান ধৰিব পাৰে।
সমূহীয়া শৌচাগাৰৰ প্ৰজেক্টসমূহ নগৰীয়া স্থানীয় সংস্থায়ে প্ৰস্তুত আৰু অনুমোদন কৰিব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৰাদজ্য চৰকাৰৰ দ্বাৰা নগৰীয়া স্থানীয় সংস্থাৰ বাবে ধাৰ্য কৰা বিধান তথা কাৰ্যপ্ৰণালীসমূহ মানি চলাটো প্ৰয়োজনীয়। ফাণ্ড ৰিলিজৰ বাহিৰে অন্যান্য প্ৰক্ৰিয়াসমূহ নগৰীয়া স্থানীয় সংস্থাস্তৰত সম্পন্ন কৰা হব আৰু সেইবাবে ৰাজ্যসমূহে নগৰীয়া স্থানীয় সংস্থাক যাৱতীয় ক্ষমতা প্ৰদান কৰাটো নিতান্তই প্ৰয়োজনীয়। ইয়াৰ বাবে ভূমি প্ৰদান কৰাৰ পৰা আদি কৰি এই ভূমিৰ সঠিক ব্যৱহাৰ কৰি সমূহীয়া শৌচাগাৰ নিৰ্মাণ কৰালৈকে সকলো ধৰণৰ ক্ষমতা নগৰীয়া স্থানীয় সংস্থাক প্ৰদান কৰিব লাগিব।
স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মিত সকলো সমূহীয়া শৌচাগাৰত নিম্নতম ৫ বছৰৰ ৰক্ষণাবেক্ষণৰ চুক্তি থাকিব লাগিব।
কেন্দ্ৰীয় চৰকাৰৰ ৭৫ শতাংশ ফাণ্ডৰ লগত ৰাজ্যসমূহে নিম্নতম ২৫ শতাংশ ফাণ্ড যোগ কৰি সমূহীয়া শৌচাগাৰ নিৰ্মাণৰ বাবে প্ৰদান কৰিব লাগিব। (উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন বিশেষ বিভাগৰ ৰাজ্যৰ বাবে এই পৰিমাণ হব নিম্নতম ১০ শতাংশ)
সমূহীয়া শৌচাগাৰৰ নিয়মাৱলী –