মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

ইতিহাস

  • চৰকাৰী অধিসূচনা নং AR ১৭/২০০২/৩৩ৰ অধীনত পৌৰ নিগমৰ পূৰ্বৰ বিভাগসমূহ আৰু Town & Country Planning বিভাগৰ একত্ৰীকৰণৰ পাছত ২০০২ চনৰ ৯ জুনত নগৰ উন্নয়ন বিভাগ স্থাপিত হয়। নগৰ উন্নয়ন বিভাগৰ অধীনত ৪টা সঞ্চালকালয়/পৰিষদ আছে – পৌৰ প্ৰশাসন সঞ্চালকালয়, Directorate of Town & Country Planning, Assam Urban water & Sewage Board আৰু অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ আৰু অসম গৃহ নিৰ্মাণ পৰিষদ। গুৱাহাটী পৌৰ নিগমৰ পৰিৱৰ্তে ৰাজ্যৰ স্থানীয় পৌৰ নিকায়সমূহৰ কাম-কাজসমূহ এই বিভাগে চোৱাচিতা কৰে।

                নগৰ উন্নয়ন বিভাগৰ মূল কাম হল ৰাজ্যৰ স্থানীয় পৌৰ নিকায় আৰু অসম পৌৰ নিগম আইন ১৯৫৬ৰ অধীনত লাভ কৰা কানুনী অধিকাৰসমূহৰ মাজত সমন্বয় স্থাপন কৰা। বিভাগৰ আন আন কামসমূহৰ ভিতৰত আছে অসম Town & Country Planning Act,1958ৰ ধাৰাসমূহ ৰাজ্যৰ প্ৰত্যেকটো নগৰাঞ্চলৰ মুখ্য যোজনাসমূহৰ প্ৰকাশৰ জৰিয়তে প্ৰচাৰ কৰা।

                কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত স্থানীয় নগৰ নিকায়সমূহৰ বিকাশৰ বাবে আঁচনিৰ প্ৰয়োজন অনুসৰি মঞ্জুৰি দিয়া।

    উত্তৰ পূৰ্বাঞ্চলৰ বাবে থকা কেন্দ্ৰীয় সামূহিক পুঁজিৰ অধীনত ১০ শতাংশ আবণ্টিত বুনিয়াদী প্ৰকল্প –

                নগৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লাভালাভৰ বাবে নিয়োজিত এক মুঠ ১০ শতাংশ ৰাশিৰ সাৰাংশ-

                ১০ শতাংশ এক মুঠ ৰাশি – (১) ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ বাবে থকা আঁচনিখন নগৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত ২০০১-০২ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হয়। এই আঁচনিখন কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ৯০:১০ কেন্দ্ৰ-ৰাজ্য পুঁজিৰে পৰিচালিত হয়।

                নগৰ উন্নয়ন মন্ত্ৰালয়ে অনুমোদিত মূল্যৰ ৯০ শতাংশ অনুদান এৰি দিব, বাকী থকা ১০ শতাংশ অনদান ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। ছিকিমকে ধৰি উত্তৰ-পূবৰ গোটেই যিখন ৰাজ্যৰ বুনিয়াদী সুবিধা/আঁচনিসমূহৰ বাবে বাজেটত আবণ্টিত ধনৰাশি বৃদ্ধি কৰি ইয়াৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰাই পৰিষদৰ মূল লক্ষ্য।

                বস্তুগত  আৰু সামাজিক দুয়োটা শাখাৰ আন্তঃগাঁঠনি বিকাশৰ বাবে কেন্দ্ৰ ব্যৱস্থাৱলীৰ বুনিয়াদী সা-সুবিধাসমূহৰ বাবে পূৰ্ণ সমৰ্থন দিয়া হয়।