মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

অধিক
স্বচ্ছ ভাৰত অভিযান (নগৰ)
স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ উপাদানসমূহ

আই.ই.চি আৰু জনসজাগতা

আই.ই.চি আৰু জনসজাগতা:

            স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ অধীনত আচাৰ বা আচৰণ সলনি যোগাযোগক এক গুৰুত্বপূৰ্ণ কৌশল হিচাপে গণ্য কৰা হয় যি সুনিশ্চিত কৰিবৰ বাবে স্বচ্ছতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে এক বিশাল জন সজাগতাৰ সৃষ্টি কৰি মুকলিত মল ত্যাগ, খালী হাতেৰে আৱৰ্জনা পৰিস্কাৰকৰণ, স্বচ্ছতাৰ অনুশীলন, শৌচাগাৰৰ উচিত ব্যৱহাৰ আৰু তত্বাৱধান আদিৰ বিষয়ে অৱগত কৰা আৰু ইয়াৰ লগত জড়িত স্বাস্থ্য আৰু পৰিবেশৰ পৰিণাম আদি জনোৱা হয়। এই আচৰণ সলনি যোগাযোগৰ বাবে সংবাদ আৰু প্ৰচাৰ মন্ত্ৰালয়ে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আদিৰ সৈতে পৰামৰ্শ কৰি মাধ্যমৰ ৰূপাঙ্কন কৰিব লাগিব যাৰ স্বচ্ছ ভাৰত অভিযান (গ্ৰামী)ত ব্যৱহাৰ হোৱা সামগ্ৰীৰ সৈতে সামঞ্জস্য থাকিব লাগিব।

            এই উপাদানৰ বাবে কেন্দ্ৰীয় সাহায্যৰ মুঠ ১৫ শতাংশ অনুদান চিহ্নিত কৰা হৈছে। ইয়াৰে ১২ শতাংশ ৰাজ্যসমূহৰ দ্বাৰা বিশাল জন সজাগতা অভিযানৰ জৰিয়তে স্বচ্ছতা আৰু ইয়াৰ সৈতে জনস্বাস্থ্য স্বচ্ছ চাফ-চিকুণতা আৰু পৰিবেশৰ সৈতে সংযোগ স্থাপন কৰিবৰ বাবে চিহ্নিত কৰা হৈছে। এই অভিযানৰ বাবে বিভিন্ন মাধ্যম যেনে- ৰেডিঅ, ছচিয়েল মিডিয়া, তথ্যচিত্ৰ, নাটক, কৰ্মসালা আদিৰ ব্যৱহাৰ কৰা হয়। বাকী ৰৈ যোৱা ৩ শতাংশ অনুদান নগৰ উন্নয়ন মন্ত্ৰালয়ৰ বাবে চিহ্নিত কৰা হব যাৰ দ্বাৰা ফলপ্ৰসূ সজাগতা আৰু স্বচ্ছতাৰ সৈতে যোগাযোগ স্থাপন কৰিবৰ বাবে প্ৰচাৰ মাধ্যমৰ ৰাষ্ট্ৰীয় অভিযান সম্পন্ন কৰিব লাগিব।

            ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু দূৰদৰ্শনৰ সৈতে হোৱা ব্যয়সমূহ এই উপাদানৰ অধীনত গ্ৰহণযোগ্য নহয় আৰু ৰাজ্য চৰকাৰ বা নগৰীয়া স্থানীয় সংস্থাসমূহৰ ইয়াত কোনো যোগদান নাথাকে যিহেতু এই বিষয়ৰ দায়িত্ব ভাৰত চৰকাৰৰ মন্ত্ৰালয় আৰু সংস্থানসমূহে পালন কৰে। হ্ৰস্বম্যাদী আই.ই.চি. হস্তক্ষেপৰ অধিপ্ৰাপ্তিৰ বাবে নগৰীয়া স্থানীয় সংস্থাসমূহে আই.ই.চি সংযুক্ত সেৱা আৰু স্থানীয় সংস্থাৰ দ্ৰৱ্যসমূহ মনোনীতকৰণৰ ভিত্তিত প্ৰতি হস্তক্ষেপত ৫ লাখ টকা পৰ্যন্ত দৰত ক্ৰয় কৰিব লাগিব।

            জন সজাগতা সৃষ্টিৰ বাবে ৰাজ্যসমূহে ৰাজ্যিক পুঁজি প্ৰতিশ্ৰুতিৰ বিৱৰণ দি এখন বাৰ্ষিক এক্সন প্লেন প্ৰস্তুত কৰিব লাগিব আৰু আই.ই.চি. আৰ ৰাজ্যিক এইচ.পি.চি.য়ে এই প্লেনত অনুমোদন জনাব। প্ৰতি বাৰষিক পৰিকল্নাৰ আই.ই.চি. পুঁজিৰ ৫০ শতাং ইউ.এল.বিসমূহৰ দ্বাৰা তৃণমূল পৰ্যায়ত সম্পন্ন কৰা আই.ই.চি কাৰ্যক্ৰমৰ বাবে ৰাজ্যিক এইচ.পি.চিৰ দ্বাৰা অনুমোদন কৰি আৱণ্টন কৰা হব।

            ৰাজ্যিক পৰ্যায়ৰ পুঁজিসমূহ প্ৰশাসনীয় ক্ষমতাৰ দ্বাৰা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ কৰ্তৃত্ব কেৱল ৰাজ্যিক স্তৰৰ উচ্চ ক্ষমতাসম্পন্ন বিশেষজ্ঞ কমিটীৰ কৰ্তৃপক্ষৰ হাততহে ন্যস্ত থাকিব। অনুমোদিত প্লেন অনুসৰি নগৰীয়া স্থানীয় সংস্থাসমূহে নগৰীয়া স্থানীয় সংস্থা পুঁজিৰ নিম্নতম ৫০ শতাংস অনুদান ব্যয় কৰিব পাৰিব।

            কোনো পৰিস্থিতিতে এই পুঁজি যান-বাহন ক্ৰয়, বিল্ডিঙৰ নিৰ্মাণ আৰু তত্বাৱধান পদবীৰ সৃষ্টি আৰু বেতন, আচবাব আদি ক্ৰয় কৰিবৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব।

            প্ৰতিটো বাৰ্ষিক পৰিকল্পনাত কেন্দ্ৰীয় সাহায্য ৭৫ শতাংশ (উত্তৰ-পূব আৰু বিশেষ শ্ৰেণীৰ ৰাজ্যৰ বাবে ১০ শতাংশ)ৰ সৈতে খাপ খুৱাই ৰাজ্যসমূহে নিম্নতম ২৫ শতাংশ পুঁজি সংবাদ, শিক্ষা আৰ যোগাযোগ (IFC) আৰু জনসজাগতাৰ বাবে বৰঙণি হিচাপে আগবঢ়াব পাৰি।