মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

স্বচ্ছ ভাৰত অভিযান (নগৰ)

অভিযানৰ সাফল্যসমূহ

সাফল্যসমূহ

(ক) ব্যক্তিগত গৃহৰ শৌচগাৰ (IHHL) – এই শৌচালয় নিৰ্মাণ আঁচনিৰ অধীনত ২০১৫-১৬ আৰু ২০১৬-১৭ বিত্তীয় বৰ্ষত ২১০০০টা ব্যক্তিগত শৌচালয় নিৰ্মাণ কৰি থকা হৈছে আৰু ৭.৩৫ কোটি টকা মোকলাই দিয়া হৈছে। ২০১৭-১৮ বিত্তীয় বৰ্ষত মুঠ ৪৭৩৩৮টা ব্যক্তিগত গৃহত শৌচালয় নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰিছে।

  

(খ) সমূহীয়া শৌচাগাৰ – ইয়াৰ অধীনত, ২০১৬-১৭ বিত্তীয় বৰ্ষত ২০০টা সমূহীয়া শৌচালয় নিৰ্মাণ কৰি থকা হৈছে আৰু ০.৫৯ কোটি টকা মোকলাই দিয়া হৈছে।

 

(গ) তথ্য, শিক্ষা আৰু যোগাযোগ তথা জনসজাগতা (IEC & Public Awareness) – ইয়াৰ অধীনত অসমত সকলো (MB/TC) ত মানুহৰ অপৰিচ্ছন্ন স্বভাৱ সলনিৰ বাবে সজাগতা আনি স্বচ্ছ ভাৰত অভিযান মিছনৰ লক্ষ্যত উপনীত হবলৈ মিছনে ৪.৬০ কোটি টকা মোকলাই দিছে।

বিভিন্ন স্থানীয় নগৰ নিকয়ে সম্পন্ন কৰা কৰ্মৰ চমু আভাস –

 

 

 

 

 

(ঘ) ক্ষমতা বৃদ্ধি(Capacity Building )– ইয়াৰ অধীনত ৰাজ্যিক আৰু স্থানীয় নগৰ নিকায় পৰ্যায়ত গোটা আৰু জুলীয়া আৱৰ্জনা পৃথকীকৰণ ব্যৱস্থাপনাৰ ওপৰত কৰ্মশালা আয়োজিত হয়। বিভিন্ন ৰাজ্যৰ পৰা অহা বিশেষজ্ঞ লোকে সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এনে কৰ্মশালাৰ আয়োজন কৰে।

(ঙ) কঠিন আৱৰ্জনা ব্যৱস্থাপনা(Solid waste Management) স্থানীয় নগৰ নিকায়সমূহৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ স্বাৰ্থত ৭৮টা স্থানীয় নগৰ নিকায়ৰ পৌৰ এলেকাত গোটা আৱৰ্জনা সংগ্ৰহ কৰিবলৈ এখন অটোৰ লগতে এটা ড্ৰাইভাৰ আৰু এটা বনুৱাৰ ব্যৱস্থা কৰা হৈছে। অটোসমূহ গোটেই দিনটোৰ ভিতৰত আৱৰ্জনাসমূহ সংগ্ৰহ কৰাৰ লগতে স্বচ্ছ ভাৰত অভিযানৰ বিষয়ে মিছনে ৩.৬০ কোটি টকা আবণ্টন কৰিছে।