মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

স্বচ্ছ ভাৰত অভিযান (নগৰ)

সাৰাংশ

ভাৰত চৰকাৰৰ দ্বাৰা ২ অক্টোবৰ,২০১৪ত স্বচ্ছ ভাৰত মিছন আৰম্ভ কৰা হৈছিল। এই অভিযান নগৰ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছিল যাৰ উদ্দেশ্য হৈছে সকলো সংবিধিবদ্ধ নগৰ সাঙুৰি লৈ সমগ্ৰ ভাৰতবৰ্ষত অনাময় আৰু ব্যক্তিগত শৌচাগাৰ সুবিধা প্ৰদান কৰা আৰু ২০১৯ৰ ভিতৰত মুকলিত মল ত্যাগ কৰাৰ পৰা ১০০ শতাংশ পৰিয়ালক মুক্ত কৰা।

অসম এখন প্ৰগতিশীল ৰাজ্য, কিন্তু এতিয়াও ইয়াত স্বচ্চ ভাৰত অভিযান (নগৰ)ৰ বিভিন্ন উপাদানসমূহ ৰূপায়ণৰ বাবে প্ৰয়োজনীয় পুঁজিৰ অভাৱ। অসমৰ এক সৰহসংখ্যক জনসংখ্যাৰ ওচৰত এতিয়াও স্বচ্ছ শৌচাগাৰৰ ব্যৱস্থা নাই যাৰ ফলত গুৰুতৰ পৰিবেশমূলক আৰু স্বাস্থ্যজনিত বিপত্তিৰ সৃষ্টি হৈছে। এনে অঞ্চল যত অস্বচ্ছ আৰু মুকলিত মল ত্যাগ কৰা অভ্যাস পালন কৰা হয়, তেনে অঞ্চলত পানী আৰু স্বচ্ছতাজড়িত ৰোগ যেনে- ডায়েৰিয়া, মেলেৰিয়া আদি সঘনাই পৰিলক্ষিত হয়। আৰ্থিক দুৰাৱস্থাৰ ফলত উচিত অৱগাঁথনি আৰু স্বচ্ছতা ৰক্ষা কৰিব পৰা সুবিধাসমূহৰ সুব্যৱস্থা কৰিব পৰা নাযায়।

স্বচ্ছ ভাৰত অভিযান (নগৰ), অসমে সকলো নগৰীয়া স্থানীয় সংস্থাৰ সহযোগিতাত সমগ্ৰ অসমৰ নগৰীয়া স্থানীয় সংস্থাসমূহত অৱসথিত অস্বচ্ছ/কেঁচা শৌচাগাৰসমূহ চিনাক্ত কৰি উলিয়াইছে। নগৰীয়া স্থানীয় সংস্থাসমূহৰ পৰ্যবেক্ষণ প্ৰতিবেদনৰ ভিত্তিত, এই অভিযানে ৬৮৩৩৮টা ব্যক্তিগত শৌচাগাৰ আৰু ২২৮০টা সমূহীয়া শৌচাগাৰৰ নিৰ্মাণ অনুমোদিত কৰিছে। এই ক্ষেত্ৰত উল্লেখনীয় যে অসমত শৌচাগাৰ নথকা পৰিয়াল নাই বুলিয়ে কব পাৰি।

সকলো তথ্য আৰু পৰিসংখ্যাৰ ভিত্তিত, ৰাজ্যিক অভিযান সঞ্চালকালয়ে ঘোষণা কৰিছে যে ২ অক্টোবৰ,২০১৭ পৰ্যন্ত অসম মুকলিত মল ত্যাগ কৰাৰ পৰা ১০০ শতাংশ মুক্ত হৈছে।