ঘৰুৱা শৌচাগাৰ:
স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ উদ্দেশ্যসমূহ এনে ধৰণৰ-
স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ অধীনত নিৰ্মিত ঘৰুৱা শৌচাগাৰসমূহৰ দুটা গঠন পদ্ধতি থাকিব – শৌচাগাৰ উপৰিভাগৰ গঠন (টয়লেট পেন আৰু পানীৰ বিভাগৰ সৈতে) আৰু তলিভাগৰ গঠন (হয়তো আন-সাইট পচনশীল ব্যৱস্থা অথবা ভূগৰ্ভস্থৰ তলিৰ পচনশীল নৰ্দমাৰ সৈতে সংযোগ)।
নগৰীয়া স্থানীয় সংস্থাসমূহৰ দায়িত্ব হৈছে এই কথা সুনিশ্চিত কৰা যে স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মিত ঘৰুৱা শৌচাগাৰসমূহত পৰ্যাপ্ত পানী যোগানৰ সৈতে সুসজ্জ্বিত হয়। হিতাধিকাৰীৰ পৰিয়াল এনে ঘৰুৱা শৌচাগাৰ ব্যৱহাৰ আৰু তত্বাৱধানৰ বাবে দায়ী হব।
এই সুবিধা অৰ্জনৰ বাবে হিতাধিকাৰীয়ে এনে গৃহ নিৰ্মাণ দৰ্শাব লাগিব যত ঘৰুৱা শৌচাগাৰ নাইবা কেঁচা শৌচাগাৰ আছে। অন্য কোনো কাৰণ তেওঁলোকে দৰ্শাব নোৱাৰিব।
এনে হিতাধিকাৰীৰ নিৰ্বাচন ৰাজ্য চৰকাৰৰ সহায়ত নগৰীয়া স্থানীয় সংস্থায়ে গ্ৰহণ কৰা নিৰ্দেশাৱলীৰ ভিত্তিত কৰা হব। নিম্নোল্লিখিত নিয়মাৱলীসমূহ অৱলম্বন কৰা হয়-
(১) আৰম্ভণিতে, সজাগতা সৃষ্টি অভিযানৰ দ্বাৰা হিতাধিকাৰীসকলক অভিৰোচিত কৰি আগুৱাই আনিবলৈ চেষ্টা কৰা হব। এই পদক্ষেপ সংশ্টিষ্ট নগৰীয়া স্থানীয় সংস্থাৰ দ্বাৰা এক সাধাৰণ আবেদনৰ ৭ দিনৰ ভিতৰত অনুমোদন গ্ৰহম কৰি সম্পন্ন কৰিব লাগিব।
(২) নগৰীয়া স্থানীয় সংস্থাসমূহ ঘৰে ঘৰে গৈ সমীক্ষা কৰিবৰ বাবে দায়বদ্ধ। তেনে কৰোতে তেওঁলোকে ২০১১ লোকপিয়ল পৰিসংখ্যা বা অন্য সদ্যসমাপ্ত সমীক্ষাৰ সহায় লব লাগিব। এই প্ৰাৰম্ভিক তথ্যসমূহ ১৫.০২.২০১৫ৰ আগে আগে ৰাজহুৱা কৰিব লাগিব।
(৩) কোনো ধৰণৰ দাবী বা হস্তক্ষেপ আদি যদি পোৱা যায় তেন্তে সেই বিষয়ে স্পষ্টভাৱে সদৰি কৰিব লাগে আৰু তাৰ ফলত আৰম্ভণিৰে পৰা এক অবিৰত পৰিৱৰ্তন আনিব পৰা যাব।
(৪) প্ৰতি ঘৰে ঘৰে গৈ চলোৱা এনে সমীক্ষাৰ ভিত্তিত মুকলিত মল ত্যাগ কৰা সকলো পৰিয়ালকে চিনাক্ত কৰিব পৰা যাব। এই তথ্যৰ ভিত্তিত নগৰীয়া স্থানীয় সংস্থাসমূহে হয়তো একোটাকৈ ঘৰুৱা শৌচাগাৰ অথবা একোটাকৈ ৰাজহুৱা শৌচাগাৰ তেনে পৰিয়ালসমূহৰ বাবে প্ৰদান কৰিব লাগিব।
হিতাধিকাৰীৰ পৰিয়ালসমূহ তেওঁলোকৰ বাস কৰা অনুমোদিত/অনানুমোদিত শিবিৰ বা ঘোষিত/অঘোষিত বস্তি নিৰ্বিশেষ এই আঁচনিৰ বাবে চিহ্নিত কৰা হব। স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ অধীনত দখল সম্বন্ধীয় সুৰক্ষাৰ বিষয়সমূহ অন্যান্য সুবিধাৰ সৈতে সংযুক্ত কৰিব লাগিব। প্ৰতিটো নিৰ্বাচিত পৰিয়ালত শৌচাগাৰ নিৰ্মাণৰ বাবদ কেন্দ্ৰীয় চৰকাৰে ৪ হাজাৰ টকাকৈ অনুমোদন কৰিব। এই অনুদানৰ ৫০ শতাংশ (২০০০ টকা) অনুমোদনৰ পাছতেই সংশ্লিষ্ট নগৰীয়া স্থানীয় সংস্থায়ে হিতাধিকাৰীসকলৰ পৰিয়ালক প্ৰথম কিস্তি হিচাপে দিব আৰু আনটো অংশ ৰাজ্য চৰকাৰে প্ৰদান কৰিব। অতিৰিক্ত উত্সৰ ব্যৱহাৰ কৰি ৰাজ্য চৰকাৰ/নগৰীয়া স্থানীয় সংস্থাসমূহৰ দ্বাৰা অতিৰিক্ত পুঁজি মুকলি কৰি দিয়াত কোনো ধৰণৰ বাধা নাথাকে।
কোনো ধৰণৰ অতিৰিক্ত পুঁজি মুকলি কৰি দিয়াত আগতে নগৰীয়া স্থানীয় সংস্থাসমূহে প্ৰতিখন আবেদন ভালদৰে নিৰীক্ষণ কৰি লব লাগিব। এনে আবেদনৰ মূল্যায়ন জমা দিয়াৰ ৭ দিনৰ ভিতৰত হব লাগিব।
কেন্দ্ৰীয় অনুদানৰ বাকী ৰৈ যোৱা ৫০ শতাংশ পুঁজি দ্বিতীয় কিস্তি হিচাপে ৰাজ্য চৰকাৰৰ অতিৰিক্ত অনুদানৰ সৈতে তেতিয়াহে মুকলি কৰি দিয়া হব, যেতিয়া ঘৰুৱা শৌচাগাৰ নিৰ্মাণৰ অগ্ৰগতি নিৰীক্ষণ কৰা হব। এই নিৰীক্ষণৰ সঠিক প্ৰক্ৰিয়া সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি সম্পন্ন কৰা হব।
ঘৰুৱা শৌচাগাৰ নিৰ্মাণৰ অন্তিম মূল্যায়ন স্থানভিত্তিক প্ৰযুক্তিৰ দ্বাৰা সমৰ্থিত হব লাগে, যত নিৰ্মাণ কাৰ্যৰ স্বপ্ৰত্যায়িত চিত্ৰৰ লগতে আবেদনকাৰীৰ ফটোও লোৱা হয়। এই ফটোগ্ৰাফসমূহ স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ মেনেজমেণ্ট ইনফৰমেশ্যন চিষ্টেম (MIS) ত জমা কৰিব লাগে আৰু নগৰীয়া স্থানীয় সংস্থা আৰু ৰাজ্যসমূহৰ দ্বাৰা নিৰীক্ষণ কৰি থাকিব লাগে। সকলো ধৰণৰ অতিৰিক্ত অনুদান (চৰকাৰী বা বেচৰকাৰী) হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে জমা কৰিব লাগিব (প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত খোলা বেংক একাউণ্টও হব পাৰিব)। এই প্ৰক্ৰিয়াত কোনো ধৰণৰ নগদ বা চেক প্ৰদান কৰা নহব। সংশ্লিষ্ট নগৰীয়া স্থানীয় সংস্থাসমূহে নিশ্চিত কৰিব লাগিব যে আৰ্থিক অনুদানসমূহ সঠিক সময়ত কোনো সমস্যাৰ সৃষ্টি নোহোৱাকৈ যাতে হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হয়। ৰাজ্য চৰকাৰে ইয়াৰ বাবে মান্যতাপূৰ্ণ নিয়মাৱলীৰ প্ৰচলন কৰিব লাগে আৰু লক্ষ্য কৰিব লাগে যাতে এই নিয়মসমূহ ৰূপায়িত হয়।