ক্ষমতা বৃদ্ধি আৰু প্ৰশাসনীয় আৰু কাৰ্যালয়ৰ ব্যয়
কেন্দ্ৰীয় চৰকাৰৰ সাহায্যৰ ৩ শতাংশ ক্ষমতা বৃদ্ধি, প্ৰশাসনীয় আৰু কাৰ্যালয়ৰ ব্যয়ৰ (ৰাজ্যিক আৰু নগৰীয়া স্থানীয় সংস্থাসমূহত) বাবে চিহ্নিত কৰা হৈছে।
নগৰ উন্নয়ন মন্ত্ৰালয় পৰ্যায়ত কেন্দ্ৰীয় সাহায্যৰ ২ শতাংশ ক্ষমতা বৃদ্ধি, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক কৰ্মশালা আয়োজন, বিভিন্ন পুৰস্কাৰ আৰু শ্ৰেষ্ঠ অনুসীলনৰ চিনাক্তকৰণ, কাৰ্যক্ৰমৰ গৱেষণা, অধ্যয়ন, ক্ষমতা বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু প্ৰযুক্তিৰ প্ৰগতি আৰু অন্যান্য সমযুক্ত বিত্ত বিভাগৰ উদ্দেশ্যৰ বাবে আৱণ্টিত কৰা হৈছে।
ৰাজ্যসমূহে বিস্তৰ ক্ষমতা বৃদ্ধিৰ কাৰ্যক্ৰমৰ ৰূপায়ণৰ বাবে অভিযানসমূহত প্ৰস্তাৱ আগবঢ়াব লাগে, যাৰ ফলত স্বচ্ছ ভাৰত মিছন (নগৰ)ৰ উদ্দেশ্যসমূহৰ এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰগতিশীল সফলতা অৰ্জন কৰিব পৰা যাব। প্ৰত্যেক ৰাজ্যই প্ৰস্তুত কৰা সংক্ষিপ্ত বাৰ্ষিক কাৰ্য পৰিকল্পনাত এই কাৰ্যক্ৰমসমূহ উল্লেখ কৰা হব আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ সৈতে পৰামৰ্শ কৰাৰ পিছত ৰাজ্যিক পৰ্যায়ৰ উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ দ্বাৰা ইয়াক অনুমোদিত কৰা হব। প্ৰতিটো বাৰ্ষিক প্লেনত ৰাজ্যিক উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ দ্বাৰা অনুমোদিত হোৱাৰ পাছত, এই পুঁজিৰ অন্ততঃ ৫০ শতাংশ নগৰীয়া স্থানীয় সংস্থাসমূহৰ বিবিন্ন কাৰ্যক্ৰমৰ বাবে প্ৰদান কৰাটোও বাধ্যতামূলক। ৰাজ্যিক পৰ্যায়ত উচ্চ ক্ষমতাসম্পন্ন বিশেষজ্ঞ কমিটী হৈছে এই পুঁজিসমূহ ব্যৱহাৰৰ বাবে অনুমোদন কৰা আৰু প্ৰশাসনীয় ক্ষমতাসমূহ বিতৰণ কৰা যথোপযুক্ত কৰ্তৃপক্ষ। অনুমোদিত প্লেন অনুসৰি, নগৰীয়া স্থানীয় সংস্থাসমূহে এই পুঁজিৰ ৫০ শতাংশ ব্যৱহাৰ কৰাৰ অধিকাৰ পাব।
ৰাজ্যসমূহক অন্যান্য় সহজলভ্য ক্ষমতা বৃদ্ধিকাৰী পুঁজিসমূহ ব্যৱহাৰ কৰি ইউ.এল.বিৰ কাৰ্যক্ৰমৰ সৈতে সংযোগ কৰিবলৈ উদগণি জনোৱা হব।
ৰাজ্য আৰু নগৰীয়া স্থানীয় সংস্থাসমূহে প্ৰাসঙ্গিক বিষয়সমূহৰ চিনাক্তকৰণ কৰি (জ্যেষ্ঠ পৰ্যায় আৰু তলৰ স্তৰৰ উভয়কে) তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। ৰাজ্যিক অভিযান সঞ্চালকৰ দায়িত্ব হব চিনাক্তকৰণ কৰা বিষয়াসকলে যথোপযুক্ত প্ৰশিক্ষণ তথা ক্ষমতা বৃদ্ধি কাৰ্যসমূহ ভালদৰে কৰিছেনে নাই তাকে সুনিশ্চিত কৰা যাতে স্বচ্ছ ভাৰত অভিযান (নগৰ) সফলতাৰে সম্পন্ন হয়। তদুপৰি, ৰাজ্যসমূহে এনে বিষয়া/ব্যক্তিৰ নিৰ্বাচন কৰিব লাগিব যিয়ে স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছতাৰ প্ৰশিক্ষণৰ বিস্তাৰ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ প্ৰশিক্ষণত উপস্থিত থাকিব পাৰে আৰু ৰাজ্যসমূহত পৰৱৰ্ত্তী পৰ্যায়ৰ প্ৰশিক্ষণৰ আয়োজন কৰি স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ সংবাদ বিয়পাব পাৰে।
নগৰ উন্নয়ন মন্ত্ৰালয়ে এনে কিছু বিশেষজ্ঞৰ তালিকা প্ৰস্তুত কৰিছে যিয়ে নগৰীয়া স্থানীয় সংস্থাপৰ্যায়ত কৰ্মশালাৰ আয়োজন কৰি যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰিব পাৰে। নগৰ উন্নয়ন মন্ত্ৰালয়ে এনে তালিকা সময়ে সময়ে উন্নীতকৰণ কৰি থাকিব। পৰামৰ্শিত বিশেষজ্ঞসকলক প্ৰয়োজন সাপেক্ষে নগৰীয়া স্থানীয় সংস্থাসমূহে নিয়োগ কৰিব পাৰিব। নিয়োজিত বিশেষজ্ঞসকলে পাৰিশ্ৰমিক ৰূপে ৫০০০ টকা প্ৰতি দিনে + পৰিবহন ব্য (২য় শ্ৰেণী বাতানুকুলিত ট্ৰেইনৰ ভাড়া/বিমানৰ ইকনমী শ্ৰেণীৰ ভাড়া), অস্থায়ী বাসস্থান আৰু স্থানীয় যাতায়তৰ খৰচ লাভ কৰিব। স্বচ্ছ ভাৰত অভিযানৰ ক্ষমতা বৃদ্ধি পুঁজিসমূহ প্ৰশিক্ষণৰ ব্য বহন কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই কথা উল্লেখনীয় যে চৰকাৰী চাকৰিয়ালে এনে পাৰিশ্ৰমিক লাভ কৰিব নোৱাৰিব, কিন্তু তেওঁলোকৰ পৰিবহন আৰু থকা-খোৱাৰ খৰচসমূহ যোগান ধৰা হব। এই প্ৰশিক্ষণসমূহ মাত্ৰ এদিনীয়া প্ৰশিক্ষণহে হব।
ৰাজ্যিক আৰু নগৰীয়া স্থানীয় সংস্থা পৰ্যায়ত ৰূপায়ণ কৰিবলগীয়া সকলো সহায়কাৰী গঠন যেনে- কাৰ্যক্ৰম ব্যৱস্থাপনা অংশ (PMU) ৰাজ্যিক স্তৰত, চহৰ স্তৰত কাৰ্যক্ৰম ৰূপায়ণ অংশ (PIU) আৰু স্বতন্ত্ৰ প্ৰকল্প পৰ্যালোচনা আৰু পৰ্যবেক্ষণ সংস্থা (IPRMA) আদিক এই মিছনৰ অধীনত অনুদান প্ৰদান কৰা হব।
নগৰীয়া স্থানীয় সংস্থাসমূহে স্বচ্ছ ভাৰত অভিযানৰ ক্ষমতা বৃদ্ধিকাৰী অনুদানসমূহ নিম্নোল্লিখিত কাৰণতো ব্যৱহাৰ কৰিব পাৰিব –