কঠিন আৱৰ্জনা ব্যৱস্থাপনা
পৌৰ কঠিন আৱৰ্জনা ব্যৱস্থাপনা (মিউনিচিপাল ছলিট ৱেষ্ট মেনেজমেণ্ট)ৰ দ্বাৰা আৱৰ্জনা পৃথকীকৰণ আৰু আৱৰ্জনা উত্সতে জমা কৰি ৰখা, প্ৰাথমিক সংগ্ৰহ দ্বিতীয় স্তৰৰ আৱৰ্জনা জমা, পৰিবহন, দ্বিতীয় স্তৰৰ আৱৰ্জনা পৃথকীকৰণ, সাধন উদ্ধাৰ, সংসাধন, সংশোধন আৰু আৱৰ্জনাসমূহৰ অন্তিম নিষ্পত্তি সম্পূৰ্ণ প্ৰক্ৰিয়াটোকে বুজোৱা হয়। নগৰ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত আৰু সময়ে সময়ে শুধৰণী কৰি থকা পৌৰ কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ নিয়মাৱলী ২০১৬খন বিস্তৰ প্ৰকল্প প্ৰতিবেদন (ডিটেইলড প্ৰজেক্ট ৰিপোৰ্ট) প্ৰস্তুত কৰোতে ভাৰত চৰকাৰে সহায়ক হিচাপে ব্যৱহাৰ কৰিব পাৰে।
ৰাজ্য চৰকাৰৰ পৰামৰ্শ গ্ৰহণ কৰি সংশ্লিষ্ট নগৰীয়া স্থানীয় সংস্থাসমূহে তেওঁলোকৰ চহৰৰ বাবে কঠিন আৱৰ্জনা ব্যৱস্থাপনা হেতু বিস্তৰ প্ৰকল্প প্ৰতিবেদন কৰিব লাগে। ক্ষুদ্ৰ চহৰসমূহ একগোট হৈ বেচৰকাৰী বিনিয়োগ আকৰ্ষণ কৰিব পাৰে। নাৰ্ক (NARC)ৰ দ্বাৰা স্থাপিত নিয়মাৱলীসমূহ অৱলম্বন কৰি ভাৰত চৰকাৰে বিস্তৰ প্ৰকল্প প্ৰতিবেদনত হোৱা ব্যয়সমূহৰ ১০০ শতাংশ পৰিশোধ কৰিব লাগে।
ৰাজ্য চৰকাৰে নগৰীয়া স্থানীয় সংস্থাসমূহক স্বচ্ছ ভাৰত মিছনৰ বাবে তত্ক্ষণাত্ বিস্তৰ প্ৰকল্প প্ৰতিবেদন কৰাত সহায় কৰিবৰ বাবে বেচৰকাৰী বা চৰকাৰী সংস্থাসমূহ নিৰ্বাচন কৰি দিব পাৰে।
বিস্তৰ প্ৰকল্প প্ৰতিবেদনসমূহ নিৰ্ভৰযোগ্য হব লাগে যত ব্যৱহাৰযোগ্য বিত্তীয় আৰ্হি পোৱা যায়। চহৰ অনুমোদন পৰিকল্পনাত চিনাক্ত কৰা প্ৰয়োজনসমূহৰ পৰা এনে প্ৰতিবেদন প্ৰস্তুত কৰিব পাৰি। ভাৰত চৰকাৰৰ NUSP,২০০৪, স্বচ্ছ ভাৰত অভিযান,২০২৬ৰ নিৰ্দেশাৱলী, পৰামৰ্শ, CPHEEOৰ নিৰ্দেশাৱলী, কাৰ্যক্ৰম আৰু ব্যৱস্থাপনা আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত ছাৰ্ভিচ লেভেল বেন্স মাৰ্ক পৰামৰ্শাৱলীত প্ৰকাশ পোৱা লক্ষ্যসমূহৰ সৈতে বিস্তৰ প্ৰকল্প প্ৰতিবেদনসমূহ শ্ৰেণীবদ্ধ কৰিব লাগিব. পথ চাফা কৰা, বাট-পথত প্ৰস্ৰাৱ কৰা আৰু জাবৱ নিষ্পত্তি কৰা স্থানৰ উপশম আদি বিস্তৰ প্ৰকল্প প্ৰতিবেদনত উল্লেখ কৰিব লাগিব। শক্তি অৱয়বৰ বিৰোধিতা কৰা প্ৰকল্পসমূহক উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুদান/VGF আদিও ব্যৱহাৰ কৰিব পাৰি।
ৰাজ্যিক উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে ৰাষ্ট্ৰীয় মৰ্যাদাসম্পন্ন প্ৰতিষ্ঠানসমূহক বিস্তৰ প্ৰকল্প প্ৰতিবেদনৰ প্ৰযুক্তিগত আৰু বিত্তীয় গুণগ্ৰাহীতাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিব। নগৰ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা কোনো ধৰণৰ গুণগ্ৰাহীতা সম্পন্ন কৰা নহব। এনে বিস্তৰ প্ৰকল্প প্ৰতিবেদনসমূহ গুণগ্ৰাহীতাত প্ৰতিষ্ঠানসমূহৰ দ্বাৰা হোৱা ব্যয় প্ৰশাসনীয় ব্যয়ৰ ভিতৰত ধৰা হব।
এনে কৰ্তৃত্বশীল প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰস্তুত কৰা গুণগ্ৰাহীতাৰ গুণাগুণসমূহ HPEC আৰু NARCৰ নিৰীক্ষণ কৰা হব আৰু প্ৰয়োজন সাপেক্ষে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হব।
ৰাজ্যিক পৰ্যায়ত উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে এনে বিস্তৰ প্ৰকল্প প্ৰতিবেদনসমূহ আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ বিত্তীয় আৰ্হিসমূহ মঞ্জুৰ কৰিব।
স্বচ্ছ ভাৰত অভিযানৰ প্ৰকল্পসমূহ ৰাজ্যিক পৰ্যায়ৰ উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ পৰিচালনাত ৰূপায়িত কৰা হব।
এনে স্বচ্ছ ভাৰত অভিযান প্ৰকল্পসমূহৰ বাবে ৩৫ শতাংশ কেন্দ্ৰীয় সাহায্য অনুদান/VGF বা ৰূপত প্ৰদান কৰা হব। বাকী ৰৈ যোৱা পুঁজিসমূহ স্বচ্ছ ভাৰত অভিযানৰ নিয়মাৱলীৰ মিছন কৌশলৰ ভিত্তিত উত্পাদন কৰা হব।