ৰাজহুৱা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ:
স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ অধীনত সংশ্লিষ্ট ৰাজ্য আৰু নগৰীয়া স্থানীয় সংস্থাসমূহে এই কথা নিশ্চিত কৰিব লাগিব যে প্ৰত্যেক চহৰতে পৰ্যাপ্ত পৰিমাণৰ ৰাজহুৱা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ ব্যৱস্থা যাতে থাকে। বৃহত্ জনসমাগম থকা সকলো ঠাইতে যাতে উপযুক্ত ব্যৱস্থা কৰা হয়।
প্ৰয়োজনীয় নিৰীক্ষণ আৰু চেষ্টাৰ দ্বাৰা এই কথা সুনিশ্চিত কৰিব লাগিব যাতে এই ৰাজহুৱা শৌচাগাৰ, প্ৰস্ৰাৱগাৰ সমূহৰ পুৰুষ, মহিলা আৰু শাৰিৰীকভাৱে অক্ষমসকলক (হুইল চিয়াৰ ৰেম্প, ব্ৰেইলী পদ্ধতি, চিহ্ন আদি) বাবে উপযুক্ত সুবিধাসমূহ থাকে।
নগৰীয়া স্থানীয় সংস্থাসমূহে নিশ্চিত কৰিব লাগিব যে স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ অধীনত নিৰ্মিত এনে ৰাজহুৱা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰসমূহত যাতে পানীৰ সূচল যোগান থাকে।
ৰাজহুৱা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুদান প্ৰতিটো নিৰ্মিত শৌচাগাৰৰ বাবদ ৪০ শতাংশ অনুদান/ভিজিএফ হব। ৰাজহুৱা শৌচাগাৰ ভেঁটি নিৰ্মাণৰ ব্যয় ৯৮ হাজাৰ প্ৰতি হিচাপত ভিজিফ/অনুদান হব ৪০ শতাংশ (প্ৰতি শৌচাগাৰত ৩৯,২০০ টকাকৈ) প্ৰস্ৰাৱগাৰৰ ভেঁটি নিৰ্মাণৰ বাবদ ৩২,০০০ টকা প্ৰতি ছীট প্ৰদান কৰা হব, যত ৪০ শতাংশ হব ভি.জি.এফ/অনুদান অৰ্থাত্ ১২,৮০০ টকা। আই.এছ.এইছ.এল আৰু চি.টিৰ অধীনত এই অনুদান সমগ্ৰ ৰাজ্যজুৰি এই সম্পূৰ্ণ মিছনৰ সময়ছোৱাত আগবঢ়োৱা হব।
স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ আঁচনিসমূহৰ নিৰ্দেশৱলীত উল্লেখ থকাৰ দৰে বাকী থকা পুঁজিসমূহ উত্পাদন কৰিব লাগিব। তদুপৰি, ৰাজ্য আৰু নগৰীয়া স্থানীয় সংস্থাসমূহে ৰাজহুৱা শৌচাগাৰৰ বাবে ব্যৱহাৰ কৰিবলগীয়া স্থান বাচি উলিয়াব লাগিব আৰু এই ভূমিৰ প্ৰভাৱশালী বিজ্ঞাপন প্ৰস্তুত কৰি বেচৰকাৰী খণ্ডৰ নিৰ্মাতাসকলক ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ তথা পৰিচলানা কৰিবৰ বাবে উত্সাহ যোগাব লাগিব। কোনো অন্য মাধ্যমেৰে সংগ্ৰহ কৰা অতিৰিক্ত পুঁজিত ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিব পাৰি। নগৰীয়া স্থানীয় সংস্থাসমুহে অস্থায়ী শৌচাগাৰৰ ব্যৱস্থা কৰিও ৰাজহুৱা শৌচাগাৰ/প্ৰস্ৰাৱগাৰ হিচাপে প্ৰদান কৰিব পাৰে।
এই প্ৰকল্পসমূহ নগৰীয়া স্থানীয় সংস্থাৰ দ্বাৰা প্ৰস্তুত, অনুমোদিত আৰু ৰূপায়িত কৰা হয়। অনুমোদন আৰু প্ৰকল্প অৰ্জনক এই সমগ্ৰ প্ৰক্ৰিয়াটোত সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ দ্বাৰা সকলো প্ৰচেষ্টা আৰু পদ্ধতিসমূহ গৃহীত কৰা হয়। এই সমগ্ৰ অনুমোদন প্ৰক্ৰিয়া নগৰীয়া স্থানীয় সংস্থাপৰ্যায়ত গৈ শেষ হব লাগিব। এই শেষ সময় পৰ্যন্ত ৰাজ্য চৰকাৰে নগৰীয়া স্থানীয় সংস্থাসমূহক যাৱতীয় ক্ষমতা প্ৰদান কৰিব লাগিব আৰু ইয়াৰ ভিতৰত ভূমি অনুমোদনৰ ক্ষমতা এক লক্ষ্যণীয় ক্ষমতা যাক ব্যৱহাৰ কৰি ৰাজহুৱা শৌচাগাৰ/প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হব।
স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মিত সকলো শৌচাগাৰ/প্ৰস্ৰাৱগাৰৰ বাবে অন্ততঃ পাঁচ বছৰৰ তত্বাৱধানৰ চুক্তি কৰাটো প্ৰয়োজনীয়।
নগৰীয়া স্থানীয় সংস্থাসমূহে এই কথা সুনিশ্চিত কৰাটো প্ৰয়োজনীয় যাতে জনসাধাৰণৰ সুবিধাৰ্থে সকলো জনসমাগম হোৱা ঠাই (বেংক, ডাকঘৰ, বাছ ষ্টপেজ, পেট্ৰল ডিপো, মেট্ৰ ষ্টেচন, হাস্পতাল, ৰেষ্টুৰেণ্ট, স্কুল, স্বাস্থ্য কেন্দ্ৰ, অংগনবাড়ী, নাগৰিক কেন্দ্ৰ) আদিত অন্ততঃ এটা ৰাজহুৱা শৌচাগাৰ/প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা থাকে।