হিতাধিকাৰী নেতৃত্বাধীন (বেনিফিচিয়েৰী লেড কনষ্ট্ৰাক্টচন)
হিতাধিকাৰীয়ে নতুন নিৰ্মাণ আৰু পুৰণি গৃহৰ পুনৰনিৰ্মাণৰ বাবে এনে আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব। হিতাধিকাৰী নেতৃত্বাধীন নিৰ্মাণ আঁচনিৰ লক্ষণীয় বিষয়সমূহ গৃহসমূহৰ ভৌগোলিক চিহ্নৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।
যোগ্যতা
নতুন নিৰ্মাণৰ বাবে
- নগৰত বাস কৰা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী – বাৰ্ষিক আয় সৰ্বোচ্চ ৩ লাখ টকা আৰু কম আয়ৰ লোক – বাৰ্ষিক আয় ৩ লাখৰ পৰা ৬ লাখ টকাৰ ভিতৰত।
- হিতাধিকাৰৰ পৰিয়ালৰ কোনো সদস্যৰ ভিতৰত কোনো ঠাইত পকীঘৰ থাকিব নোৱাৰিব।
পুনৰনিৰ্মাৰ বাবে
- হিতাধিকাৰী পৰিয়ালসহ হয়তোবা বস্তি অঞ্চল অথবা বস্তিৰ কাষত বাস কৰে।
- যদি হিতাধিকাৰীৰ কেঁচা বা আধা পকী ঘৰ আছে আৰু তেওঁলোকে বাস কৰা বস্তিৰ কোনোদিনে পুনৰনিৰ্মাণ হোৱা নাই।
সুযোগ-সুবিধা
- আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ পৰিয়ালৰ বাবে হয়তো নতুন গৃহ নিৰ্মাণ অথবা পুৰণি গৃহৰ পুনৰনিৰ্মাণ, কিন্তু তেওঁলোকে মিছনৰ অন্য উপাদানসমূহৰ সুবিধাসমূহ লাভ কৰিব নোৱাৰিব।
- তেনে ধৰণৰ পৰিয়ালে নতুন ঘৰ নিৰ্মাণ বা পুনৰনিৰ্মাণৰ বাবে কেন্দ্ৰীয় সাহায্যৰ ৰূপত ১.৫০ লাখ টকাকৈ লাভ কৰিব।
নগৰীয়া স্থানীয় সংস্থাৰ জৰিয়তে ৰূপায়ণ
- যিসকল হিতাধিকাৰীয়ে চৰকাৰৰ দ্বাৰা নিৰ্মিত গৃহ লাভ কৰিব বিচাৰে তেনে লোকে নগৰীয়া স্থানীয় সংস্থাসমূহত যোগাযোগ কৰি যাৱতীয় নথি-পত্ৰ ভৰ্তি কৰিব পাৰে।
- নগৰীয়া স্থানীয় সংস্থাসমূহে হিতাধকাৰীৰ দ্বাৰা ভৰ্তি কৰা নথি-পত্ৰ আৰু ৰাষ্ট্ৰীয় বিল্ডিং কোম্পানীৰ নিয়ম মতে নিম্নতম কাৰ্পেট এৰিয়াৰ পৰ্যবেক্ষণ কৰে যাতে ভূমিৰ মালিকীস্বত্ব আৰু অন্যান্য় হিতাধিকাৰী সম্বন্ধীয় বৃত্তান্ত যেনে- আৰ্থিক অৱস্থা আৰু যোগ্যতা আদি নিৰূপণ কৰিব পাৰি।
- হিতাধিকাৰীৰ ঘৰৰ অৱস্থা, যেনে- কেঁচা ঘৰ, আধা পকী ঘৰ আদি বিষয়সমূহ সামাজিক-অৰ্থনৈতিক আৰু জাতি লোকপিয়ল পৰিসংখ্যাৰ সৈতে পৰীক্ষণ কৰা হয় যাতে হিতাধিকাৰীৰ নতুন গৃহ লাভৰ যোগ্যতা নিৰূপণ কৰাত সহায় হয়।
- সামাজিক অৰ্থনৈতিক আৰু জাতিৰ লোকপিয়ল পৰিসংখ্যা যেনে- ঘৰৰ কোঠাৰ সংখ্যা পৰিয়ালৰ সদস্যবৃন্দৰ বৃত্তান্ত আদি পৰীক্ষণ কৰি হিতাধিকাৰীৰ যোগ্যতা নিৰূপণ কৰাত সহায় হয়।
- এনে তথ্যসমূহৰ ভিত্তিত নগৰীয়া স্থানীয় সংস্থাসমূহে চহৰ উন্নয়ন পৰিকল্পনা আৰু অন্য তেনে পৰিকল্পনা অনুযায়ী চহৰভিত্তিক একোটাকৈ হাউছিং প্ৰকল্পৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব। এনে কৰাৰ উদ্দেশ্য হৈছে এই কথা সুনিশ্চিত কৰা যে প্ৰস্তাৱিত গৃহসমূহ চহৰৰ পৰিকল্পনা নিয়ম মতে নিৰ্মিত কৰা হৈছে।
- এনে সাহায্যৰ বাবে এটা বা অকলশৰীয়াকৈ কৰা আবেদন নাকচ কৰা হয়। এনে প্ৰকল্পসমূহ ৰাজ্যৰ ৰাজ্যিক পৰ্যায়ৰ অনুমোদন আৰু পৰ্যবেক্ষণ কোম্পানীৰ দ্বাৰা অনুমোদন কৰা হয়।
- এককগৃহ নিৰ্মাণৰ প্ৰকল্পৰ অনুমোদন কৰোতে নগৰীয়া স্থানীয় সংস্থাসমূহ আৰু ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে এই কথা নিশ্চিত কৰিব লাগে যে এনে গৃহ নিৰ্মাণত প্ৰয়োজন হোৱা বিত্ত বিভিন্ন ধৰণৰ উত্স যেনে- হিতাধিকাৰীৰ ব্যক্তিগত অৰিহণা, ভাৰত চৰকাৰৰ সাহায্য, ৰাজ্যিক চৰকাৰৰ সাহায্য আদি হিতাধিকাৰীক প্ৰদান কৰা হব। এনে কোনো গৃহ যাৰ নিৰ্মাণৰ সময়ত নিৰ্মাণত বাকী ৰৈ যোৱা ব্যয়সমূহ দেখুওৱা হোৱা নাই, তেনে নিৰ্মাণৰ বাবে ভাৰত চৰকাৰৰ সাহায্য প্ৰদান কৰা নহয়।
- একক গৃহ নিৰ্মাণৰ বাবে ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে আৰ্থিক সহায় আগবঢ়াবও পাৰে। ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা নগৰীয়া স্থানীয় সংস্থাসমূহে /ৰূপায়ণ সংস্থাৰ দ্বাৰা পৰামৰ্পিত চৰ্ত্ত মানি চলি চিনাক্তকৰণ কৰা আধাৰ কাৰ্ডৰ সৈতে বেংকৰ সংযোগ থকা হিতাধিকাৰীয়ে কেন্দ্ৰীয় সাহায্য লাভ কৰিব পাৰিব।
- যদিও কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকালৈ এই মিছনত প্ৰয়োজনীয় পুঁজি গোট সংখ্যাত একেবাৰতে প্ৰদান কৰা হব, ৰাজ্য চৰকাৰে এই পুঁজি গৃহ নিৰ্মাণৰ অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি ৩-৪টা কিস্তিত মুকলি কৰি দিব।
- সকলো ধৰণৰ মূল্যায়ন আৰু ভূমি নথিপত্ৰৰ পৰ্যবেক্ষণ আৰু নিৰ্দিষ্ট স্থানৰ নিৰীক্ষণৰ পিছত নগৰীয়া স্থানীয় সংস্থাসমূহে হিতাধিকাৰীৰ সৈতে নিৰ্মাণ আৰু অন্যান্য বিত্তীয় লেনদেনৰ বাবে একোটা হিতাধিকাৰীয়ে নিজস্ব পুঁজি অথবা অন্য প্ৰতিষ্ঠানৰ পৰা পুঁজি সংগ্ৰহ কৰি গৃহ নিৰ্মাণৰ আৰম্ভণি কৰিব পাৰে যাৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা পৰৱৰ্ত্তী পৰ্যায়সমূহত নিৰ্মাণৰ অগ্ৰগতিৰ ভিত্তিত একাধিক কিস্তি পুঁজি মুকলি কৰি দিয়া হয়।
- গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতহে ভাৰত চৰকাৰৰ অন্তিমটো কিস্তি অৰ্থাত্ ৩০,০০০ টকা মুকলি কৰি দিয়া হয়।
- ভৌগোলিক চিত্ৰৰ দ্বাৰা তেনেদৰে ব্যক্তিগতভাৱে নিৰ্মিত গৃহৰ অগ্ৰগতিসমূহ নিৰীক্ষণ কৰি থকা হয়।
- ৰাজ্যসমূহে ভৌগোলিক চিত্ৰৰ দ্বাৰা গৃহ নিৰ্মাণৰ অগ্ৰগতি নিৰীক্ষণ কৰিবৰ বাবে তেনে প্ৰযুক্তিগত ব্যৱস্থাৰ গঠন কৰিব লাগিব।
- ভৌগোলিক চিত্ৰৰ দ্বাৰা গৃহৰ অগ্ৰগতিৰ ভিত্তিত চৰকাৰে হিতাধিকাৰীক পুঁজিসমূহ প্ৰত্যক্ষ পুঁজি হস্তান্তৰ অথবা ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ (প্ৰত্যক্ষ লাভ হস্তান্তৰ) ব্যৱস্থাৰে হিতাধিকাৰীৰ বেংক একাউণ্টত জমাকৰিব।
উন্নীতকৰণৰ কাৰণ
- নগৰ গৃহ অভাৱ (২০১২-১৭)ৰ ওপৰত ভিত্তি কৰি গঠিত প্ৰযুক্তিগত গোটৰ মতে ৮০ শতাংশ পৰিয়াল ঘনবসতিপূৰ্ণ গৃহত বসবাস কৰি আহিছে।
- ঘন বসতিপূৰ্ণ গৃহৰ দ্বাৰা ইয়াকো বুজোৱা হৈছে যে উক্ত শতাংশ পৰিয়ালৰ প্ৰত্যেক বিবাহিত দম্পতিৰ বাবে একোটা পৃথক কোঠাৰো অভাৱ।
প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ) নিৰ্দোৱলীত উল্লেখিত উন্নীতকৰণৰ সৈতে জড়িত বিধানসমূহ –
দফা ৭.২(খ), প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্দেশাৱলী অনুসৰি –
যদি হিতাধিকাৰীৰ ২১ বৰ্গমিটাৰ কাৰ্পেট এৰিয়াৰ এটি পকীঘৰ বা আধা পকীঘৰ আছে যত নিম্নোল্লিখিত সুবিধাসমূহৰ যিকোনো এটা বা দুটা সুবিধা যেনে- কোঠালি, ৰান্ধনীঘৰ শৌচালয় স্নানাগাৰৰ অভাৱ, তেনে গৃহৰ ইউ.এল.বি/ৰাজ্যিক ভিত্তিক উন্নীতকৰণৰ বাবে নিম্নোল্লিখিত চৰ্তসমূহ মানি চলা বাঞ্চনীয় –
- উন্নীতকৰণৰ পিছত নতুন গৃহৰ কাৰ্পেট এৰিয়া ২১ বৰ্গমিটাৰতকৈ কম আৰু ৩০ বৰ্গমিটাৰতকৈ বেছি হব নোৱাৰিব।
- গৃহ উন্নীতকৰণ মানে পুৰণি গৃহৰ পকী নিৰ্মাণকাৰ্যত নিম্নতম ৯ বৰ্গমিটাৰ কাৰ্পেট এৰিয়াৰ সংযোজন, সি হয়তো এটি কোঠা বা ৰান্ধনীঘৰ, শৌচাগাৰ অথবা স্নানাগাৰ হব পাৰে।
- হিতাধিকাৰী নেতৃত্বাধীন নিৰ্মাণৰ অধীনত আগবঢ়োৱা গৃহ উন্নীতকৰণৰ প্ৰস্তাৱসমূহ দফা ৭(ঘ), প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ) নিৰ্দেশাৱলী অনুসৰি জমা কৰিব লাগিব।
প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনত গৃহ উন্নতীকৰণ সহায় লাভ কৰোতা হিতাধিকাৰীৰ বিস্তৃত তালিকা-
- আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ হিতাধিকাৰী যাৰ বৰ্তমানে অৱস্থিত গৃহৰ কাৰ্পেট এৰিয়া ২১ বৰ্গমিটাৰ বা তাতোকৈ কম।
- এনে পৰিয়াল যত বিবাহিত পুত্ৰৰ বাবে পৃথক কোঠাৰ ব্যৱস্থা নাই।
- যৌথ পৰিয়ালসমূহ যত একাধিক পৰিয়াল একেটা গৃহতে বাস কৰে তেনে পৰিয়ালৰ গৃহত অতিৰিক্ত কোঠালিৰ নিৰ্মাণ কৰা।