মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

প্ৰধানমন্ত্ৰী আৱাস যোজনা

পাতনি

৯ জুন,২০১৪ত মাননীয় ৰাষ্ট্ৰপতিয়ে সদনৰ যুটীয়া বৈঠকত প্ৰদান কৰা তেখেতৰ ভাষণত কৈছিল যে “আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ কৰাৰ লগে লগে ভাৰতৰ প্ৰতিটো পৰিয়ালৰ ওচৰত সূচল পানী যোগান, শৌচাগাৰ, ২৪X৭ বিদ্যুত্ যোগান আদিৰে সু-সজ্জ্বিত একোটাকৈ পকীঘৰ হব।“

আমাৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ বৰ্ষপূৰ্তিত মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা ২০২০ চনৰ ভিতৰত সকলো ভাৰতীয় নাগৰিকৰ বাবে বাসস্থানৰ ব্যৱস্থাৰ পৰিকল্পনা হাতত লোৱা হয়। এই উদ্দেশ্য পূৰ্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা সকলোৰে বাবে বাসস্থান (নগৰ) অভিযানৰ শুভাৰম্ভ কৰে।

এই অভিযানৰ দ্বাৰা নগৰৰ দৰিদ্ৰ লোকৰসকলৰ বাবে, বিশেষকৈ বস্তি অঞ্চলত বাস কৰাসকলৰ বাবে বাসস্থানৰ ব্যৱস্থা কৰা হব। নিম্নোলিখিত কাৰ্যাৱলীৰ দ্বাৰা এই উদ্দেশ্য পূৰ্তিৰ প্ৰচেষ্টা কৰা হব-

  • বেচৰকাৰী নিৰ্মাণকাৰী সংস্থাৰ দ্বাৰা বস্তি অঞ্চলৰ ভূমি ব্যৱহাৰ কৰি বস্তিত বাস কৰাসকলৰ বাবে পূৰ্ণবাসনৰ ব্যৱস্থা কৰা।.
  • আকলন সংযোগী ৰাজসাহায্যৰ/ঋণ আনুসংগিক ৰাজ সাহায্যৰ দ্বাৰা দৰিদ্ৰসকলৰ বাবে সুলভ মূল্যৰ আৱাসৰ বৃদ্ধি ঘটোৱা।
  • বেচৰকাৰী আৰু চৰকাৰী সংস্থাৰ অংশীদাৰিত্বত সুলভ মূল্যৰ আৱাসৰ নিৰ্মাণ কৰা।
  • হিতাধিকাৰী নেতৃত্বাধীন ব্যক্তিগত আৱাস নিৰ্মাণ/বিস্তাৰৰ বাবে ৰাজসাহায্য।