অংশীদাৰিত্বৰ দ্বাৰা সুলভ মূল্যৰ আৱাস(এন.এইছ.পি):
এই মিছনৰ তৃতীয় উপাদান হৈছে অংশীদাৰিত্বৰ দ্বাৰা সুলভ মূল্যৰ আৱাস যি হৈছে সৰবৰাহৰ ক্ষেত্ৰত হস্তক্ষেপ। এই মিছনৰ দ্বাৰা ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চল/চহৰসমূহৰ সৈতে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে অংশীদাৰিত্ব নিৰ্মাণ কৰা গৃহৰ বাবে আৰ্থিক সহায় আগবঢ়োৱা হব।
সুলভ মূল্যৰ প্ৰকল্প হৈছে এনে প্ৰকল্প যত ৩৫ শতাংশ গৃহ আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে নিৰ্মাণ কৰা হৈছে।
- আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সুলভ মূল্যৰ গৃহৰ সহজলভ্যতা বৃদ্ধিৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আদিয়ে বিভিন্ন সংস্থাৰ দ্বাৰা অথবা বেচৰকাৰী খণ্ডৰ উদ্যোগৰ সৈতে অংশীদাৰিত্বত আৱাস প্ৰকল্পৰ পৰিকল্পনা কৰিব পাৰে।
- প্ৰতিটো আৰ্থিকভাৱে দু্ৰ্বল শ্ৰেণীৰ গৃহৰ বাবে ১.৫ লাখ টকাকৈ কেন্দ্ৰীয় সাহায্য।
- হিতাধিকাৰীসকলৰ বাবে সহজলভ্য আৰু সুলভ মূল্যৰ গৃহ নিৰ্মাণৰ উদ্দেশ্যৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এই অভিযানত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ গৃহসমূহৰ ব্যৱহৃত ক্ষেত্ৰফলত প্ৰতি বৰ্গমিটাৰ হিচাপত এনে গৃহৰ বিক্ৰী মূল্যত এক সৰ্বোচ্চ চিলিং ধাৰ্য কৰিব। এই উদ্দেশ্যে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অথবা চহৰসমূহে তেওঁলোকৰ ৰেহাইসমূহ যেনে ৰাজ্যিক সহায়ক অনুদান, সুলভ মূল্যত ভূমি বিক্ৰী, ষ্টাম্প কৰৰ পৰা ৰেহাই ইত্যাদি বঢ়াব পাৰে।
- এটা সুলভ মূল্যৰ আৱাস প্ৰকল্প বিভিন্ন বিভাগৰ গৃহৰ সংমিশ্ৰণ হব পাৰে, কিন্তু এই প্ৰকল্পই তেতিয়াহে কেন্দ্ৰীয় সাহায্য লাভ কৰিব যেতিয়া এই প্ৰকল্পৰ ৩৫ শতাংশ গৃহ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে আবণ্টন কৰা হব আৰু অতি কমেও ২৫০টা তেনে গৃহ একোটা প্ৰকল্পত থাকিব লাগিব। চেণ্ট্ৰেল ছেংক্সনিং এণ্ড মণিটৰিং কোম্পানী (CSMC) ভাৰত চৰকাৰৰ পৰ্যায়ত, ৰাজ্য চৰকাৰৰ অনুৰোধত একোটা প্ৰকল্পত থকা নিম্নতম সংখ্যা হ্ৰাস কৰিব পাৰে।
- এনে সুলভ মূল্যৰ আৱাস প্ৰকল্পত যোগ্য হিতাধিকাৰীসকলৰ নিৰ্বাচন ৰাজ্যিক পৰ্যায়ৰ অনুমোদন আৰু পৰ্যবেক্ষণ কোম্পানী (SLSMC)ৰ দ্বাৰা অনুমোদিত স্বচ্ছ পদ্ধতিৰ প্ৰয়োগ কৰি কৰিব লাগিব আৰু নিৰ্বাচিত হিতাধিকাৰীসকল হাউছিং ফৰ অল প্লেন অৱ এক্সন (HFAPOA)ৰ সদস্য হব লাগিব।
- এনে গৃহসমূহ আবণ্টনৰ ক্ষেত্ৰত শাৰিৰীকভাৱে অক্ষম লোক, বয়োজ্যেষ্ঠ লোক, অনুসূচিত জাতি-জনজাতি, পিছপৰা শ্ৰেণীৰ লোক, সংখ্যালঘু, অকলশৰীয়া মহিলা উভয় লিংগৰ লোক আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকক অগ্ৰাধিকাৰ দিয়া হব।
- গৃহ আবণ্টনৰ সময়ত, শাৰিৰীকভাৱে অক্ষম লোক বা বয়োজ্যেষ্ঠ সদস্য থকা পৰিয়ালসমূহক তলৰ মহলাৰ ঘৰ প্ৰদান কৰা হব।
- এনে প্ৰকল্প সৈতে জড়িত নিৰ্মাণকাৰী সংস্থাসমূহৰ দ্বাৰা প্ৰস্তুত কৰা বিস্তৰ প্ৰকল্প প্ৰতিবেদন (ডিটেইলড প্ৰজেক্ট ৰিপোৰ্ট) ৰাজ্যিক পৰ্যায়ৰ অনুমোদন আৰু পৰ্যবেক্ষণ কোম্পানীৰ দ্বাৰা মঞ্জুৰিত হব লাগিব।
ব্যাপ্তি
- ২০১১ লোকপিয়লৰ দ্বাৰা চিহ্নিত সকলো সংবিধিবদ্ধ নগৰ এই অভিযানৰ অধীনত যোগ্য বিবেচিত কৰা হৈছে।
- এই অভিযানৰ অধীনত মৌলিক নাগৰিক অৱগাঁথনিৰ বাবে প্ৰতিটো গৃহৰ নিৰ্মাণত ৩০ বৰ্গমিটাৰ পৰ্যন্ত ক্ষেত্ৰফল কাৰ্পেট এৰিয়া ৰূপে নিৰ্মাণ কৰা হব।
- গৃহসমূহৰ আয়তন আৰু অন্যান্য সা-সুবিধাসমূহ নিৰ্ণয়ৰ ক্ষেত্ৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে কিছু শিথিলতা বহন কৰিব কিন্তু তাৰ বাবদ কেন্দ্ৰীয় সাহায্যত কোনো ধৰণৰ বৃদ্ধি কৰিব নোৱাৰিব।
- অংশীদাৰিত্বত নিৰ্মিত সুলভ মূল্যৰ হাউছিং প্ৰকল্পত মৌলিক সুবিধাসমূহ যেনে- পানী যোগান, স্বচ্ছতা, নৰ্মদা, বাট-পথ, বিদ্যুত আদিৰ নিৰ্মিত গৃহসমূহৰ নিম্নতম আয়তন ৰাষ্ট্ৰীয় দালান নিয়মাৱলী (নেশ্যনেল বিল্ডিং কড) মানি নিৰ্মাণ কৰিব লাগে।
- এই মিছনৰ অধীনত নিৰ্মিত গৃহসমূহৰ আৰ্হি আৰু নিৰ্মাণ গঠনতন্ত্ৰৰ সুৰক্ষাৰ নীতি অনুসৰি হব লাগে যাতে ই ভূমিকম্প, বানপানী, ধুমুহা, ভূমিস্খলন আদিত সুৰক্ষিত হৈ থাকে। এনে কৰোতে নেশ্যনেল বিল্ডিং কড আৰু ব্যুৰো অব ইণ্ডিয়ান আদৰ্শৰ নিৰ্দেশসমূহ মানি চলাটো বাধ্যতামূলক।
- এই অভিযানৰ অধীনত নিৰ্মিত বা পুনৰনিৰ্মিত সকলো গৃহতে শৌচাগাৰৰ ব্যৱস্থা থকাটো নিতান্তই প্ৰয়োজনীয়।
- এই অভিযানৰ অধীনত কেন্দ্ৰীয় সাহায্যৰ সহায়ত নিৰ্মিত/আৰ্জিত গৃহসমূহ পৰিয়ালৰ মুখ্য মহিলা সদস্যৰ নামত অথবা মুখ্য পুৰুষ আৰু মহিলাৰ নামত যুটীয়াভাৱে আবণ্টনত হব লাগিব।
- যদি পৰিয়ালত কোনো প্ৰাপ্তবয়স্ক মহিলা সদস্য নাথাকে, তেনে গৃহ পৰিয়ালৰ পুৰুষ সদস্যৰ নামত আবণ্টিত হব।
ৰূপায়ণ
বেচৰকাৰী অংশীদাৰৰ দ্বাৰা নিৰ্মিত বস্তি, ঋণযুক্ত অনুদান, হিতাধিকাৰীক প্ৰত্যক্ষ অনুদান আৰু অংশীদাৰিত্বত সুলভ মূল্যৰ হাউছিং ইত্যাদি সুবিধাসমূহৰ যিকোনো এটাহে হিতাধিকাৰীয়ে উপভোগ কৰিব পাৰি। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ দ্বায়িত্ব হব এই কথা সুনিশ্চিত কৰা যে কোনো হিতাধিকাৰীয়ে যাতে একাধিক সুবিধা লাভ নকৰে।