আৰ্থিকভাৱে দুৰ্বল আৰু কম আয়ৰ লোকৰ বাবে ঋণযুক্ত আনুসংগিক আঁচনি
দেশৰ দৰিদ্ৰসকলৰ ব্যক্তিগত আৱাসৰ প্ৰয়োজন পূৰাবৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা সকলোৰে বাবে ঘৰ অভিযানৰ অন্তৰ্গত ঋণযুক্ত আনুসংগিক আঁচনি ৰূপে প্ৰতিষ্ঠানিক ঋণৰ ব্যৱস্থা ৰূপায়ণ কৰা হয়।
- আৰ্থিকভাৱে দুৰ্বল আৰু কম আয়ৰ লোকৰ যিসকলে বেংক, গৃহ বিত্ত কোম্পানী আৰু আন প্ৰতিষ্ঠানৰ পৰা গৃহ নিৰ্মাণ ঋণ লব বিচাৰে, তেনে লোকে ৬.৫ শতাংশ সুতত ২০ বছৰৰ বাবে ঋণ লব পাৰিব।
- ঋণযুক্ত আনসংগিক সহায়ৰ দ্বাৰা এজন লোকে ৬ লাখ বা ৬ লাখতকৈ অধিক টকাৰ ঋণ আনুসংগিক হাৰত লব পাৰিব।
- প্ৰাথমিক ঋণ প্ৰতিষ্ঠান (প্ৰাইমেৰী লেণ্ডিং ইনষ্টিটিউট)ৰ দ্বাৰা হিতাধিকাৰীৰ একাউণ্টত আনুসংগিক সুতৰ পৰিমাণ আগতীয়াকৈ জমা কৰা হয় যাৰ ফলত হাউছিং লোন আৰু সমান মাহিলী কিস্তি(EMI) ৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস হয়।
- আনুসংগিক সুতৰ প্ৰকৃত প্ৰকল্প মূল্য(NPV)৯ শতাংশ ৰেহাইৰ হাৰত কৰা হয়।.
গৃহ মালিকীস্বত্ব
এই অভিযানৰ অধীনত কেন্দ্ৰৰ সাহায্য নিৰ্মিত/আৰ্জিত গৃহসমূহ ঘৰৰ জ্যেষ্ঠ মহিলা অথবা মহিলা আৰু পুৰুষ উভয়ৰে নামত প্ৰদান হব আৰু যদি পৰিয়ালত মহিলা সদস্য নাই তেন্তে পুৰুষ সদস্যৰ নামত প্ৰদান কৰা হব।
এই আঁচনিৰ লক্ষ্যণীয় বিষয়সমূহ –
ব্যাপ্তি
২০১১ চনৰ লোকপিয়ল অনুসৰি সকলো সংবিধিবদ্ধ নগৰ আৰু পৰৱৰ্ত্তী কালত নিৰ্দিষ্টকৰণ কৰা নগৰসমূহৰ লগতে সংবিধিবদ্ধ নগৰৰ সৈতে নিৰ্দিষ্ট কৰা পৰিকল্পিত অঞ্চল।
উদ্দেশ্য
নতুন নিৰ্মাণ, অৰ্জন আৰু অতিৰিক্ত গৃহৰ ৰূপত অতিৰিক্ত কোঠা, ৰান্ধনীঘৰ, শৌচাগাৰ ইত্যাদিৰ প্ৰয়োজন।
হিতাধিকাৰী
- হিতাধিকাৰীৰ পৰিয়াল পতি, পত্নী আৰু অবিবাহিত সন্তানেৰে গঠিত হব।
- হিতাধিকাৰীৰ পৰিয়ালৰ কোনো সদস্যৰ নামত ভাৰতৰ কোনো ঠাইত পকীঘৰ থাকিব নোৱাৰিব।.
- আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোক যাৰ বাৰ্ষিক আয় সৰ্বোচ্চ ৩,০০,০০০ বা তাতোকৈ কম হব লাগিব।
- কম আয়ৰ লোক যাৰ বাৰ্ষিক উপাৰ্জন ৩,০০,০০০ টকাৰ পৰা ৬,০০,০০০ টকাৰ ভিতৰত হব লাগিব।
- আৰ্থিকভাৱে দুৰ্বল আৰু কম আয়ৰ লোকৰ ভিতৰত খালী হাতেৰে কাম কৰা মেটৰ, মহিলা (বিধৱা মহিলাক বিশেষ অগ্ৰাধিকাৰ), অনুসূচিত জাতি/জনজাতি আৰু অন্য পিছপৰা শ্ৰেণীৰ লোক, লঘু সম্প্ৰদায়, শাৰিৰীকভাৱে অক্ষম লোক আৰু উভয় লিংগৰ লোকক এই আঁচনিত অধিক অগ্ৰাধিকাৰ প্ৰদান কৰা হব।
নিৰ্মাণৰ বাবে বাছনি কৰা ক্ষেত্ৰফল
- এই মিছনৰ অধীনত নিৰ্মিত গৃহসমূহৰ প্ৰকৃত ব্যৱহৃত ক্ষেত্ৰফল সৰ্বোচ্চ ৩০ বৰ্গ মিটাৰ আৰু সৰ্বোচ্চ ৬০ বৰ্গ মিটাৰ ক্ৰমে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী আৰু কম আয়ৰ লোকসকলৰ বাবে হব পাৰে।
- হিতাধিকাৰীয়ে যদি ইচ্ছা কৰ্ তেন্তে এক বৃহত্তৰ ক্ষেত্ৰফলৰ ঘৰ নিৰ্মাণ কৰিব পাৰে কিন্তু তাৰ বিনিময়ত আনুসংগিক সুতৰ হাৰ কেৱল প্ৰথম ৬ লাখ টকালৈকে সীমতি থাকিব।
- বৰ্দ্ধিত হাউছিং/প্ৰসাৰৰ বাবে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী আৰু কম আয়ৰ লোকৰ বাবে ক্ৰমে ৩০ বৰ্গমিটাৰ আৰু ৬০ বৰ্গমিটাৰৰ সহায়ক অনুদান আৰু ঋণৰ বৃত্তান্ত।
Subsidy and Loan details
- সৰ্বোচ্চ ঋণৰ পৰিমাণ – উপভোক্তাৰ অধ্যৱসায়ৰ ভিত্তিত বেংক/বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা বিবেচনা কৰা হয়।
- সৰ্বোচ্চ ঋণ ম্যাদ – পি.এল.আই. নিয়মাৱলীৰ ভিত্তি।
- সহায়ক অনুদান গণনাৰ সৰ্বোচ্চ ম্যাদ – ২০ বছৰ বা ঋণৰ সম্পূৰ্ণ ম্যাদ, যিয়েই কম।.
- সহায়ক অনুদান গণনাৰ বাবে সৰ্বোচ্চ ঋণৰ পৰিমাণ – ৬ লাখ টকা।
- সহায়ক অনুদানৰ সুতৰ হাৰ – ৬.৫ শতাংশ।
হাউছিং আৰু নগৰ উন্নয়ন পৰিষদ (হাডকো) আৰু ৰাষ্ট্ৰীয় হাউছিং বেংক (এন.এইচ.বি)ক কেন্দ্ৰীয় মুখ্য সংস্থা ৰূপে চিনাক্ত কৰা হৈছে যাৰ দ্বাৰা প্ৰাথমিক ঋণ প্ৰদান কৰা সংস্থাৰ সৈতে সহায়ক অনুদান সংযোগ কৰা হয় আৰু ঋণৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰা হয়। এই আঁচনি বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা ৰূপায়ণ কৰা হব। বিস্তৰ তালিকা তলৰ লিংকটোত পোৱা যাব-www.mhupa.gov.in.