এই অভিযানৰ উদ্ভাৱনী আগ্ৰহৰ প্ৰতি উত্সাহ, সহযোগিতা আৰু ইয়াৰ অন্তৰ্ভুক্তিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় নগৰীয়া জীৱনধাৰা অভিযানৰ কিছু নতুন আঁচনি আৰু প্ৰচেষ্টাৰ দ্বাৰা সৃজনশীল আৰু বিশেষ আঁচনিসমূহৰ প্ৰচাৰ তথা প্ৰসাৰ ঘটাব। এই আঁচনিৰ উদ্দেশ্য হব এটি সীমিত ম্যাদৰ কাৰ্যক্ৰমৰ দ্বাৰা ইয়াকে প্ৰদৰ্শন কৰে যে এই আঁচনিৰ দ্বাৰা নগৰ অঞ্চলৰ দৰিদ্ৰতা হ্ৰাসকৰণত যথেষ্ট সকাহ পোৱা যাব।
এই আঁচনিৰ অধীনত গ্ৰহণ কৰা প্ৰকল্পত বহু ধৰণৰ নতুন প্ৰচেষ্টা উদ্ভাৱনী পৰিকল্পনা অথবা ভৌগোলিক স্থানৰ নিৰ্বাচন কৰি যত্ন তথা প্ৰচেষ্টা সন্নিৱিষ্ট কৰা হব, যি হয়তো আজিলৈকে কেতিয়াও কৰা হোৱা নাই। ৰাষ্ট্ৰীয় নগৰীয়া জীৱনধাৰা অভিযানৰ সাধাৰণ প্ৰচেষ্টাৰ দ্বাৰা অসম্ভৱ কাৰ্যসমূহো এই প্ৰকল্পত সন্নিৱিষ্ট কৰা হব। আগলৈ আন কিছুমান বিশেষ আঁচনি যেনে- শাৰিৰীকভাৱে অক্ষম, জাৱৰ সংগ্ৰহ কৰা লোক, ঘৰুৱা কামত সহায় কৰোতা, ৰিক্সাচালক, চাফাই কৰ্মী আৰু আন লোকসকলৰ জীৱনৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হব।
সৃজনশীল আৰু বিশেষ আঁচনিসমূহ যুটীয়াভাৱে CBO, স্বয়ংসেৱী সংস্থা, ছেমি-গভৰ্ণমেণ্ট সংস্থা, বেচৰকাৰী সংস্থা, ঔদ্যোগিক সংঘ, চৰকাৰী বিভাগ/সংস্থা, নগৰীয়া স্থানীয় সংস্থা, ৰাষ্ট্ৰীয়/ৰাজ্যিক চহৰীয়া সংস্থান বা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে গ্ৰহণ কৰিব পাৰি।
সৃজনশীল আৰু বিশেষ আঁচনিৰ প্ৰস্তাৱ কেৱল ৰাষ্ট্ৰীয় নগৰীয়া জীৱনধাৰা অভিযানৰ অধীনত থকা চহৰসমূহতো আগবঢ়াব পাৰিব।
Title | Size | Detail |
---|---|---|
Operational Guidelines on Innovative & Special Projects | 149.64 KB |