মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

অধিক
অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান
উপাদানসমূহ

নগৰ আশ্ৰয়হীনসকলৰ বাবে স্বগৃহ আঁচনি

ৰাষ্ট্ৰীয় নগৰীয়া গৃহ নিৰ্মাণ আৰু আৱাস নীতি ২০০৭ৰ লক্ষ্য হৈছে দেশত দীৰ্ঘস্থায়ী আৱাসৰ ব্যৱস্থা তথা উদগণি যোগোৱা যাতে দেশত ভূমি, আশ্ৰয় আৰু সেৱাসমূহৰ সঠিক মূল্যত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত বিতৰণ কৰা হয়। যিহেতু সমাজৰ আটাইতকৈ অসুৰক্ষিত লোকসকল হৈছে নগৰৰ আশ্ৰয়হীনসকল, গতিকে তেওঁলোকৰ সুৰক্ষাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

নগৰ অঞ্চলত বাস কৰা আশ্ৰয়হীন লোকসকলে সুলভ মূল্যত অনানুষ্ঠানিকভাৱে শ্ৰমিক হিচাপে শ্ৰমদান কৰি চহৰসমূহৰ অৰ্থনীতিৰ প্ৰতি যথেষ্ট অৱদান আগবঢ়াই আৰু তত্সত্বেও তেনে লোকসমূহৰ কোনো আশ্ৰয় বা সামাজিক সুৰক্ষা নাই। নগৰৰ আশ্ৰয়হীন লোকসকল প্ৰাথমিক জনসেৱাসমূহ যেনে- স্বাস্থ্য, শিক্ষা, খাদ্য, পানী আৰু স্বাস্থ্যৰ পক্ষে উপকাৰী কাৰকসমূহৰ পৰা বঞ্চিত হয়।

ৰাষ্ট্ৰীয় নগৰীয়া জীৱনধাৰা অভিযানে এনে আশ্ৰয়হীনসকলক সকলো প্ৰয়োজনীয় সা-সুবিধাৰে সজ্জ্বিত একোটাকৈ স্থায়ী বাসস্থান নগৰৰ আশ্ৰয়হীনসকলৰ বাবে আশ্ৰয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰাৰ লক্ষ্য ৰাখে।

উদ্দেশ্য –

নগৰৰ আশ্ৰয়হীনসকলৰ বাবে আশ্ৰয় যোগান আঁচনিৰ উদ্দেশ্যসমূহ এনেধৰণৰ

  • প্ৰাথমিক সা-সুবিধা যেনে- পানী যোগান, স্বচ্ছতা, নিৰাপত্তা আৰু সুৰক্ষাৰে সজ্জ্বিত একোটাকৈ স্থায়ী বাসস্থান নগৰৰ আশ্ৰয়হীন দৰিদ্ৰ পৰিয়ালক প্ৰদান।
  • নগৰৰ আশ্ৰয়হীন দৰিদ্ৰ পৰিয়ালৰ সুৰক্ষাজনিত বিশেষ প্ৰয়োজনসমূহ যেনে- পৰনিৰ্ভৰশীল শিশু, বৃদ্ধ, শাৰিৰীকভাৱে অক্ষম, মানসিকভাৱে দুৰ্বল আৰু গুৰুতৰভাৱে অসুস্থ লোকৰ সুৰক্ষাৰ বাবে আশ্ৰয়হীনৰ বাবে নিৰ্মিত আৱাসত বিশেষ কক্ষৰ আয়োজন কৰা আৰু তেনে লোকৰ বাবে বিশেষ সেৱা প্ৰদান কৰা।
  • বিভিন্ন অধিকাৰসমূহ যেনে- সামাজিক সুৰক্ষা পেন্সন, ৰাজহুৱা বিতৰণ ব্যৱস্থা, সংহত শিশু বিকাশ সেৱা, পৰিচয় আৰ্থিক অন্তৰ্ভুক্তি, শিক্ষা, সুলভ মূল্যৰ গৃহ ইত্যাদি সেৱাৰ আশ্ৰয়হীনসকলৰ বাবে উপলব্ধ কৰা।
  • বাসস্থানসমূহৰ নিৰ্মাণ, পৰিচালনা তথা তত্বাৱধানৰ বাবে সঠিক নক্সা আৰু আঁচনিৰ গঠন কৰা আৰু ৰাজ্যিক আৰু অসামৰিক সংস্থাসমূহৰ দ্বাৰা আশ্ৰয়হীন লোকসকলক প্ৰাথমিক সুবিধা প্ৰদান কৰা।