মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

অধিক
অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান
উপাদানসমূহ

নগৰৰ পথৰ দাঁতিৰ বিক্ৰেতাসকলৰ প্ৰতি সহায়

        চহৰত সকলো অনানুষ্ঠানিক অৰ্থনীতিৰ পিৰামিডৰ প্ৰাথমিক ভিত্তিৰ গঠনত ৰাস্তাৰ কাষত বহা বিক্ৰেতাসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে বিক্ৰেতাসমূহে কেৱল আত্ম-কৰ্মসংস্থাপনেই নহয়, আনকি দৰিদ্ৰতা নিবাৰণতো সমাধানৰূপে দেখা দিয়ে। নগৰৰ যোগান শৃংখলাতো পথৰ দাঁতিত বহা বিক্ৰেতাসকলৰ এক বিশেষ যোগান আছে আৰু এনে বিক্ৰেতাসমূহে দৰিদ্ৰৰ পৰা আদি কৰি সমাজৰ আন সকলো শ্ৰেণীৰ লোকৰ বাবে সুলভ মূল্যত সুবিধাজনকভাৱে বয়-বস্তুৰ যোগান ধৰে। সেইবাবে একে আষাৰতে কব পাৰি যে নগৰ অঞ্চলৰ আৰ্থিক উন্নয়নত ৰাস্তাৰ কাষৰ বিক্ৰেতাসকলে অভিন্ন ভূমিকা পালন কৰি আহিছে।

            নিম্ন মানদণ্ডৰ শিক্ষা আৰু কৌশল, আনুষ্ঠানিক ঋণৰ সীমিত প্ৰাপ্তি আৰু ক্ষুদ্ৰ উদ্যোগৰ ন্যূনতম সহযোগিতা আদি কাৰকে ৰাস্তাৰ বিক্ৰেতাসকলৰ বজাৰৰউদীয়মান সুযোগসমূহ গ্ৰহণ কৰাত বাধা হিচাপে দেখা দিয়ে। অসংগঠিত আৰু আত্ম-কৰ্মসংস্থাপিত হোৱাৰ বাবে এনে বিক্ৰেতাসকল আৰু তেওঁলোকৰ পৰিয়ালসমূহ সামাজিক সুৰক্ষা, অন্যান্য প্ৰগতি তথা সহায়কাৰী আঁচনি আৰু চৰকাৰী পদক্ষেপ আদি সুবিধাৰ পৰা বঞ্চিত হবলগীয়া হয়। ফলস্বৰূপে, ৰাস্তাৰ বিক্ৰেতাসকল আৰু তেওঁলোকৰ পৰিয়ালসমূহ কোনো সমস্যাৰ সন্মুখীন অথবা অনাকাংক্ষিত ব্যয়ৰ মুখামুখি হলে অসুৰক্ষিত অনুভৱ কৰে।

এনে পৰিপ্ৰেক্ষিতত, নেশ্যনেল আৰবান লাইভলিহুডছ মিছনে নগৰ অঞ্চলৰ পথৰ দাঁতিৰ বিক্ৰেতাসকললৈ ব্যৱসায়ৰ বাবে উপযুক্ত ঠাই, অনানুষ্ঠানিক ঋণ, উন্নত কৌশল আৰু সামাজিক সুৰক্ষা আদি সা-সুবিধা প্ৰদান কৰিবলৈ ইচ্ছুক। সেইবাবে ৰাষ্ট্ৰীয় নগৰীয়া জীৱনধাৰা অভিযানৰ অধীনৰ নগৰৰ পথৰ দাঁতিৰ বিক্ৰেতাৰ প্ৰতি সহায় (SUSV) আঁচনিৰ দ্বাৰা যথোপযুক্ত কৌশল আৰু কাৰ্যকৰী নিৰ্দেশিকা প্ৰস্তুত কৰি যথাসাধ্য সহায় আগবঢ়োৱা হৈছে।

উদ্দেশ্য –

            এই আঁচনিৰ উদ্দেশ্য হৈছে পথৰ দাঁতিৰ বিক্ৰেতাসকলক বহুমুখী প্ৰচেষ্টাৰ দ্বাৰা সুৰক্ষিত অনুভৱ কৰোৱা। এনে প্ৰচেষ্টাসমূহ হৈছে-

  • পথৰ দাঁতিৰ বিক্ৰেতাৰ সমীক্ষা কৰা আৰু তেওঁলোকক পৰিচয় পত্ৰ প্ৰদান কৰা।
  • চহৰৰ পথৰ দাঁতিৰ বিক্ৰেতাৰ বাবে যোজনা প্ৰস্তুত কৰা
  • এনে ধৰণৰ বজাৰ অঞ্চলৰ গঠনমূলক উন্নয়ন কৰা।
  • প্ৰশিক্ষণ আৰু কৌশল দান
  • বিত্তীয় সহযোগিতা
  • ঋণপ্ৰাপ্তি সামাজিৰ সুৰক্ষা আঁচনিসমূহৰ সৈতে সংযোগ স্থাপন