মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

অটল মিচন-আয়ু বৰ্দ্ধন আৰু নগৰীয়া ৰূপান্তৰণৰ বাবে

অভিযান

অভিযান

            নগৰত বাস কৰা পৰিয়ালসমূহলৈ ন্যূনতম সা-সুবিধাসমূহ যেনে- পানীৰ যোগান, নৰ্দমাৰ ব্যৱস্থা আৰু সূচল যাতায়তৰ যোগান ধৰা আৰ অন্যান্য সা-সুবধাৰ নিৰ্মাণ কৰা যিয়ে জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিব। এই সুবিধাসমূহ বিশেষকৈ দীন-দৰিদ্ৰ আৰু অনগ্ৰসৰ লোকৰ বাবে আগবঢ়োৱা হব। এি অভিযানত ২০ বছৰ ম্যাদৰ বাবে ২০৯-১০ৰ মূল্যত হবলগীয়া ব্যয়ৰ উচ্চ ক্ষমতাসম্পন্ন অভিজ্ঞ বৈঠকে (হাই পাৱাৰড্ এক্সপাৰ্ট কমিটী) ২০১১ চনতনিৰূপণ কৰিছিল। এই বৈঠকৰ মতে নগৰ উন্নয়নৰ বাবে মুঠ ৩৯.২ লাখ কোটিৰ প্ৰয়োজন হব যত নগৰয়া বাট-পথৰ বাবে ১৭.৩ লাখ কোটি আৰু পানী যোগান, নৰ্দমা, কঠিন আৱৰ্জনাৰ ব্যৱস্থাপনা আৰু কৃত্ৰিম পানীৰ নলা নিৰ্মাণৰ বাবে ৮ লাখ কোটি টকাও সন্নিৱিষ্ট আছে। তদুপৰি অপাৰেশ্যন আৰু তত্বাৱধানৰ বাবেও আচুতীয়াকৈ ১৯.৯ লাখ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছিল।

            বিগত অভিযানসমূহৰ পৰা শিকা যায় যে উন্নয়নমূলক গঠনসমূহে জনসাধাৰণৰ প্ৰকৃত প্ৰয়োজন যেনে- পানী নলা আৰু শৌচাগাৰৰ যোগান ইত্যাদিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব লাগে। ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে জনসাধাৰণক উন্নত সেৱা আগবঢ়োৱাতেই মুখ্য গুৰুত্ব প্ৰদান কৰিব লাগে আৰু এই কথাষাৰকেই ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেখেতৰ লোকসভাৰ যুটীয়া অধিবেশনৰ ভাষণত ২০১৪ আৰু ২৩ ফেব্ৰুৱাৰী,২০১৫ত স্পষ্টভাৱে বৰ্ণনা কৰিছিল।

            সেইবাবে অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰবান ট্ৰান্সফৰমেশ্যনৰ উদ্দেশ্য হৈছে (ক) প্ৰত্যেক পৰিয়াললৈ একোটকৈ পানী যোগান ধৰা নল আৰু আৱৰ্জনা বৰ্জনৰ বাবে ন্ৰদমাৰ ব্যৱস্থা কৰা, (খ) নগৰ-চহৰসমূহৰ জীৱনৰ মানদণ্ড উন্নতকৰণৰ বাবে সেউজীয়া পৰবেশ তথা অধিক খালী ঠাইৰ ব্যৱস্থা কৰা আৰু (গ) পাব্লিক ট্ৰান্সপোৰ্ট আৰু অন্যান্য মেচিনৰহিত পৰিবহন ব্যৱস্থাৰ দ্বাৰা বায়ু প্ৰদূষণ ৰোধ কৰা। এনে পদক্ষেপসমূহ সাধাৰণ নাগৰিক, বিশেষকৈ মহিলাসকলৰ দ্বাৰা যথেষ্ট প্ৰশংসিত হৈছে আৰু ইয়াৰ বাবে নগৰ উন্নয়ন মন্ত্ৰালয়ৰ নিৰ্দিষ্ট চিহ্ন তথা মানদণ্ড জাৰি কৰা হৈছে।

            ঘৰে ঘৰে ব্যক্তিগত পানীৰ নল তথা নৰ্দমাৰ ব্যৱস্থা কৰা সত্বেও এই কথা একে আষাৰে কব নোৱাৰি যে ইয়াতকৈ উচ্চ মানদণ্ডৰ সেৱাৰ ব্যৱস্থাৰ প্ৰয়োজন নাই। সঠিক পৰিকল্পনা আৰু নিৰীণৰ দ্বাৰা আন বহুতো সফলতা অৰ্জনৰ দিশে ধাপে ধাপে আগুৱাই যোৱাৰ প্ৰয়োজন হব আৰু উচ্চতাৰ দিশে গতি কৰা এই ক্ৰমিক ধাৰাটোক ক্ৰমবৰ্দ্ধমানতা বা ইনক্ৰিমেণ্টেলিজম বোলা হয়। এনে প্ৰক্ৰিয়াত ছাৰ্ভিচ লেভেল বেন্সমাক অৰ্থাত্ SLB সমূহ ৰাষ্ট্ৰীয় গুৰুত্ব অনুযায়ী অৰ্জন কৰা হয়। নগৰ পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰত সফলতা তেতিয়াহে অৰ্জন কৰা হব, যেতিয়া কৃত্ৰিম জলৰ প্ৰতিৰোধ তথা প্ৰশমন ঘটাই চহৰৰ বানপানী ৰোধ কৰিব পৰা যাব আৰু বৰ্দ্ধিত প্ৰদূষণ ৰোধ কৰি চহৰসমূহ বসবাসৰ অধিক যোগ্য কৰি তোলা হব।

পূৰ্বতে নগৰ উন্নয়ন মন্ত্ৰালয়ে ক্ৰমাদিক্ৰমে ইটোৰ পাছত সিটো প্ৰকল্প অনুমোদিত কৰিছিল, কিন্তু অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰবান ট্ৰান্সফৰমেশ্যনে (পুনঃজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান ) ৰ অধীনত এই প্ৰক্ৰিয়াৰ সালসলনি ঘটাই নগৰ উন্নয়ন মন্ত্ৰালয়ে আৰু মাত্ৰ এটা ছেট এনুৱেল এক্সন পৰিকল্পনা অনুমোদন কৰে যি পৰৱৰত্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ দ্বাৰা মঞ্জুৰ তথা অনুমোদন কৰা হয়। এনেদৰে অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰবান ট্ৰান্সফৰমেশ্যনে ৰাজ্য চৰকাৰসমূহক প্ৰকল্প পৰিচালনা আৰু ৰূপায়ণত সম অধিকাৰ প্ৰদান কৰি সহযোগী মনোভাৱ গঢ়ি তোলে। এটি সুগঢ়িত প্ৰতিষ্ঠানিক গঠনৰ দ্বাৰা যিকোনো অভিযান সফল হব পাৰে আৰু সেইবাবে ধাৰণ ক্ষমতা বৃদ্ধিকে দৰি আন বহুতো শুধৰণি এই অভিযানৰ দ্বাৰা ঘটোৱা হৈছে। যত নেকি শুধৰণিসমূহে বিভিন্ন সেৱা প্ৰদান, সম্পদসমূহৰ সূচলতা, পৌৰ নিগমৰ কাৰ্যক্ষমতা ইত্যাদিৰ উন্নতকৰণৰ লগতে কাৰ্যনিৰ্বাহকসকলক অধিক দায়বদ্ধ কৰি তুলিব, সেই একে সময়তে তেওঁলোকৰ ধাৰণ ক্ষমতা বৃদ্ধিয়ে পৌৰ নিগমৰ কাৰ্যনিৰ্বাহকসকলক অধিক দক্ষ তথা প্ৰকল্পসমূহৰ সময়োচিত সম্পন্নতাত উদগণি যোগাব।