মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

অটল মিচন-আয়ু বৰ্দ্ধন আৰু নগৰীয়া ৰূপান্তৰণৰ বাবে

অভিযানৰ উপাদানসমূহ

পুনঃজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান  অৰ্থাত্ অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰবান ট্ৰান্সফৰমেশ্যনৰ মূল উপাদানসমূহ হৈছে ধাৰমক্ষমতা বৃদ্ধি, সংশোধনী ব্যৱস্থাৰ ৰূপায়ণ, পানী যোগান, নৰ্দমা আৰু পচনশীল ব্যৱস্থাৰ ব্যৱস্থাপনা, কৃত্ৰিম জল নিষ্কাষণ, নগৰ পৰিবহন আৰু সেউজীয়া উদ্যান আৰু অঞ্চলৰ নিৰ্মাণ। এই উপাদানসমূহৰ পৰিকল্পনাৰ সময়ত ইউ.এল.বিসমূহৰ দায়িত্ব হৈছে অধিকতম স্মাৰ্ট বৈশিষ্ট্যৰ প্ৰয়োগেৰে এই পৰিকল্পনাত সফলতা অৰ্জন কৰা। এই অভিযানৰ উপাদানসমূহৰ বিস্তাৰিত তথ্য এনে ধৰণৰ –

পানী যোগান

  • বৰ্তমানে অৱস্থিত পানী যোগান, বিশুদ্ধিকৰণ আঁচনিসমূহ আৰু সাৰ্বজনীন জৰীপ আদিৰ নিৰীক্ষণ কৰা।
  • পুৰণি পানী যোগান আৰু বিশুদ্ধিকৰণ কৰসমূহৰ পুনঃআৰম্ভণি ঘটোৱা।
  • খোৱাপানীৰ যোগানৰ বাবে জলস্ৰোতসমূহৰ পুনঃব্যৱহাৰ আৰু ভূ-গৰ্ভৰ পানীৰ নিঃসৰণ কৰা।
  • ভিতৰুৱা অঞ্চল, পাহাৰীয়া ঠাই আৰু দূষিত পানী যেনে- আৰ্ছেনিক, ফ্লৰাইডযুক্ত পানী ব্যৱহাৰ কৰা ঠাইলৈ পানী বিশেষ যোগান ধৰা।

পয়ঃপ্ৰণালী

  • বৰ্তমানে অৱস্থিতত নৰ্দমা আৰু নৰ্দমা বিশুদ্ধিকৰণ কাৰখানাসমূহৰ বৃদ্ধি ঘটোৱাৰ লগতে ভূ-গৰ্ভৰ তলেৰে নৰ্দমাসমূহ সংযোগ কৰা।
  • পুৰণি নৰ্দমা আৰু বিশুদ্ধিকৰণ কাৰখানাসমূহৰ পুনঃআৰম্ভণি ঘটোৱা।
  • নৰ্দমাৰ পানীৰ বিশুদ্ধিকৰণ কৰি বিভিন্ন উদ্দেশ্যৰ বাবে পুনৰব্যৱহাৰ কৰা।

পচনশীল

  • গেছ আৰু কদৰ্য্য ব্যৱস্থাপনা – কম খৰচত আৰু লাভজনক প্ৰক্ৰিয়াৰে বিশুদ্ধিকৰণ, পৰিবহন আৰু ব্যৱহাৰ।
  • পচনশীল টেংকিসমূহৰ যান্ত্ৰিক আৰু জৈৱিক পদ্ধতিৰে পৰিষ্কাৰকৰণ আৰু কৰ্মক্ষম ব্যয়সমূহৰ পুনৰুদ্ধাৰ।

কৃত্ৰিম জল নিষ্কাষণ

            নলা-নৰ্দমাসমূহ তথা কৃত্ৰিম জলৰ নলাসমূহৰ নিৰ্মাণ আৰু উন্নতি সাধন যাতে কৃত্ৰিম বানপানীৰ প্ৰশমন তথা সমাপ্তি ঘটাব পাৰি।

নগৰ পৰিবহন

  • অন্তৰ্দেশীয় জলপথৰ বাবে ফেৰী আৰু স্থলৰপথৰ বাবে বাছ সেৱা (বন্দৰ /উপসাগৰৰ আন্তঃগাঁথনিৰ বাদে)।
  • মেচিনৰহিত পৰিবহন যেনে- চাইকেল চলাবলৈ আৰু খোজ কাঢ়িবলৈ ফুটপাথ, পদপথ, পদসেতু আদিৰ নিৰ্মাণ।
  • বহুস্তৰীয় পাৰ্কিং
  • দ্ৰুত বাছ পৰিবহন ব্যৱস্থা

সেউজীয়া অঞ্চল আৰু উদ্যান

            শিশুপযোগী সেউজীয়া মুকলি ঠাই তথা উদ্যান নিৰ্মাণ।

সংশোধিত ব্যৱস্থাপনা তথা সহযোগিতা

  • সংশোধনৰ ৰূপায়ণৰ বাবে গঠনমূলক, ক্ৰিয়াশীল তথা বিত্তীয় সহযোগিতা
  • মুক্ত সংশোধন তত্বাৱধায়ক সংস্থা

ধাৰণক্ষমতা বৃদ্ধি

  • ইয়াত আছে দুই ধৰণৰ উপাদান – ব্যক্তিগত আৰু প্ৰতিষ্ঠানিক ক্ষমতা বৃদ্ধি।
  • ধাৰণক্ষমতা বৃদ্ধিৰ প্ৰচেষ্টাসমূহ কেৱল নিৰ্দিষ্ট অভিযানৰ চহৰতে সীমাবদ্ধ নাথাকি, অন্যান্য় আৰবান লকেল বডিলৈও আগবঢ়োৱা হব।
  • নতুন অভিযানত ধাৰণক্ষমতাৰ পুনৰৰ্নিমাণ পিছত কম্প্ৰিহেনছিভ কেপাছিটিং বিল্ডিং প্ৰগ্ৰামৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা।

অন্যান্য অগ্ৰাহ্য উপাদানসমূহৰ তালিকা

  • কোনো প্ৰকল্পৰ বাবে বা প্ৰকল্পৰ সৈতে জড়িত কাৰ্যৰ বাবে ভূমিক ক্ৰয় কৰা
  • ইউ.এল.বি /ৰাজ্যৰ কৰ্মচাৰীসকলৰ বেতন,
  • ক্ষমতা,
  • টেলিকম,
  • স্বাস্থ্য
  • শিক্ষা আৰু
  • পাৰিশ্ৰমিক সংস্থাপন কাৰ্যসূচী আৰু কৰ্মচাৰী।