ৰাষ্ট্ৰীয় নগৰীয়া জীৱনধাৰা অভিযানৰ অধীনৰ আত্ম-কৰ্মসংস্থাপন কাৰ্যক্ৰম অৰ্থাত্ ছেলফ এমপ্লয়মেণ্ট প্ৰগ্ৰামৰ মুখ্য গুৰুত্ব হৈছে নগৰ অঞ্চলৰ দৰিদ্ৰ ব্যক্তি বা একো একোটা গোটক তেওঁলোকৰ কৌশল, প্ৰশিক্ষণ, প্ৰৱণতা আৰু স্থানীয় অৱস্থা অনুযায়ী লাভজনক আত্ম-সংস্থাপন অথবা ক্ষুদ্ৰ সহায়ক গোটসমূহক বেংকৰ পৰা অতি সহজতে আৰু কম সুতৰ হাৰত ঋণ লোৱাতো সহায় কৰা হব। এই আঁচনিয়ে দৰিদ্ৰ ব্যক্তি, উদ্যোক্তাসকলৰ গোটসমূহ, আত্ম-সহায়ক গোটৰ সদস্যসকল আৰু ক্ষুদ্ৰ উদ্যোগত জড়িত পথৰ দাঁতিৰ বিক্ৰেতা, হকাৰ আদিৰ স্বচ্ছল জীৱন যাপনৰ বাবে কাৰিকৰী, বজাৰ-ভিত্তিক আৰু অন্যান্য বহুতো সহায় সহযোগিতা আগবঢ়াব। এই আঁচনিৰ দ্বাৰা মূলধনৰ প্ৰয়োজন হোৱা উদ্যোক্তাসকলকো ক্ৰেডিট কাৰ্ডৰ যোগান ধৰা হব।
আংশিকভাৱে নিযুক্ত আৰু আন বেকাৰ দৰিদ্ৰ লোকসকলক উত্পাদন, ছাৰ্ভিচিং আৰু আন ক্ষুদ্ৰ ব্যৱসায়ত মনোনিবেশ কৰাত উদগণি যোগোৱা হব। এই ক্ষেত্ৰত স্থানীয় কলা-কৌশল আৰু লোকশিল্পৰ ব্যৱহাৰত যথেষ্ট উত্সাহ যোগাৱো হব। কলা-কৌশলৰ অৱস্থিতি উত্পাদিত সামগ্ৰীৰ বজাৰ চহিদা মূল্য অৰ্থছনৈতিক সফলতা আদিৰ ওপৰত ভিত্তি কৰি প্ৰত্যেক আৰবান লোকেল বডিয়ে তেনে প্ৰকল্পসমূহৰ খতিয়ান ৰাখিব লাগিব।
আত্ম-কৰ্মসংস্থাপন কাৰ্যক্ৰমৰ সুবিধা লাভ কৰা মহিলাৰ পৰিমাণ ৩০ শতাংশতকৈ কম হব নোৱাৰিব। নগৰ দৰিদ্ৰ লোকৰ সংখ্যা অনুপাতে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসকলেও এই আঁচনিৰ দ্বাৰা লাভযুক্ত হব লাগিব। লগতে শাৰিৰীকভাৱে অক্ষম লোকসকলৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগিব। তাৰোপৰি প্ৰধানমন্ত্ৰী ১৫ দফীয়া কাৰ্যসূচী অনুসৰি সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ উন্নয়নৰ বাবে অন্ততঃ ১৫ শতাংশ সংখ্যালঘু লোক এই আঁচনিৰ দ্বাৰা উপকৃত হব লাগিব।
Title | Size | Detail |
---|---|---|
Operational Guidelines on Self Employment Programme | 3.77 MB |