মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

অধিক
অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান
উপাদানসমূহ

কৌশলগত প্ৰশিক্ষণ আৰু সংস্থাপনৰ জৰিয়তে কৰ্মসংস্থাপন(এমপ্লয়মেণ্ট থ্ৰু স্কীল ট্ৰেইনিং এণ্ড প্লেচমেণ্ট)

ৰাষ্ট্ৰীয় নগৰীয়া জীৱনধাৰা অভিযানৰ অধীনত নগৰত বাস কৰা অদক্ষ দাৰিদ্ৰ লোকসকলক দক্ষতা প্ৰদান আৰু তেওঁলোকৰ কৌশলসমূহক উন্নতকৰণ কৰিবলৈ কৌশলগত প্ৰশিক্ষণ আৰু সংস্থাপনৰ জৰিয়তে কৰ্মসংস্থাপন গঠন কৰা হৈছে। এই কাৰ্যক্ৰমৰ দ্বাৰা চহৰৰ দাৰিদ্ৰসকলক আত্ম-কৰ্মসংস্থাপন অথবা অন্যান্য বৈতনিক সংস্থাপনত নিযুক্ত হবলৈ যোগ্যতা প্ৰদান কৰা হব। স্থানীয় কৌশলগত কৰ্মচাৰীৰ চাহিদা আৰু যোগানৰ যি ব্যৱধান ৰৈ গৈছে, সেই ব্যৱধান কৌশলগত প্ৰশিক্ষণ আৰু সংস্থাপনৰ জৰিয়তে কৰ্মসংস্থাপনৰ দ্বাৰা পূৰণ কৰিবলৈ বিচৰা হৈছে।

উদ্দেশ্য –

কৌশলগত প্ৰশিক্ষণ আৰু সংস্থাপনৰ জৰিয়তে কৰ্মসংস্থাপন কাৰ্যক্ৰমৰ বৃহত্তৰ উদ্দেশ্যসমূহ এনে ধৰণৰ-

  • নগৰৰ দাৰিদ্ৰসকলক জীৱিকা অৰ্জনৰ বাবে প্ৰয়োজনীয় কৌশল প্ৰদান কৰা।
  • সুপৰিকল্পতি, বজাৰ-ভিত্তিক প্ৰমাণিত পাঠ্যক্ৰম প্ৰদানৰ দ্বাৰা নগৰৰ দাৰিদ্ৰ লোকৰ উপাৰ্জন বৃদ্ধি কৰা। এনে কৰ্মসংস্থাপন অথবা আত্ম-সংস্থাপন সুযোগ গ্ৰহণ কৰি উন্নত মানৰ জীৱন যাপন কৰাৰ লগতে নগৰৰ দৰিদ্ৰতা হ্ৰাসকৰণত যথেষ্ট অৰিহণা যোগাব।
  • দাৰিদ্ৰ লোকসকলৰ দক্ষতাপূৰ্ণ অৰিহণাৰ জৰিয়তে ৰাষ্ট্ৰীয় অৰ্থনীতিৰ উন্নতিত যোগদান।