মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

অধিক
প্ৰধানমন্ত্ৰী আৱাস যোজনা
আঁচনিসমূহ

ইন-ছিতো শ্লাম ৰি-ডেভেলপমেণ্ট

ইন-ছিতো শ্লাম ৰি-ডেভেলপমেণ্ট (ISSR)

বস্তি অঞ্চলৰ ভূমি ব্যৱহাৰ কৰি বেচৰকাৰী প্ৰতিষ্ঠানৰ অংশীদাৰিত্বৰ দ্বাৰা ইন ছিটো শ্লাম পূনৰ্বাসনৰ ব্যৱস্থা কৰাটো হৈছে প্ৰধানমন্ত্ৰীৰ বাস যোজনা(নগৰ)- সকলোৰে বাবে বাসস্থান লক্ষ্যৰ একোটা মুখ্য অংশ যাৰ জৰিয়তে উপযুক্ত বস্তিবাসীলৈ আৱাসৰ ব্যৱস্থা কৰা হয়। এই প্ৰচেষ্টাৰ দ্বাৰা বস্তি অঞ্চলত বন্দী হৈ থকা সভূমিৰ পুনৰব্যৱহাৰ কৰাৰ লগতে উপযুক্ত বস্তিবাসীসকলক নিয়মসন্মত নগৰীয়া বসতিস্থল প্ৰদান কৰা হয়। এনেদৰে পুনৰনিৰ্মিত বস্তি অঞ্চলসমূহ বাধ্যতামূলকভাৱে চিহ্নিত কৰিব লাগে।

যোগ্যতা

  • কেন্দ্ৰ চৰকাৰ/ৰাজ্য চৰকাৰ/নগৰীয়া স্থানীয় সংস্থা অথবা বেচৰকাৰী ভূমিত অধিষ্ঠিত বস্তি অঞ্চলসমূহ ইন-ছিতো পুনৰনিৰ্মাণৰ বাবে গ্ৰহণ কৰি সকলো উপযুক্ত বস্তিবাসীক একোটাকৈ আৱাসৰ যোগান ধৰিব লাগে।
  • ৰাজ্য বা কেন্দ্ৰশাসিত অঞ্চলসমূহে আইনৰ সহায় লৈ বস্তিত বাস কৰাসকলৰ বাবে বিশেষ মানদণ্ড বিবেচনা কৰিব লাগে।

উল্লেখনীয় বিষয়সমূহ

  • বস্তিসমূহৰ পুনৰনিৰ্মাণ আৰ্থিকভাৱে সম্ভৱপৰ হবলৈ মজিয়া ক্ষেত্ৰৰ সূচী (ফ্লোৰ এৰিয়া ৰেচিঅ)/মজিয়াৰ বিস্তৃতি সূচী (ফ্লোৰ স্পেচ ইনডেক্স)/হস্তান্তৰযোগ্য উন্নয়নৰ অধিকাৰ (ট্ৰেন্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছ) আদি লক্ষ্য কৰা।
  • এনে প্ৰকল্পৰ অধীনত নিৰ্মিত প্ৰতিজন যোগ্য বস্তিবাসীৰ গৃহ নিৰ্মাণৰ বাবে ১ লাখ টকা বস্তি পুনৰসংস্থাপনৰ অনুদান প্ৰদান।
  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা বস্তি অঞ্চলৰ পুনৰনিৰ্মাণৰ বাবদ হিতাধিকাৰীসকলৰ অৰিহণা নিৰ্ধাৰণ কৰা।
  • বস্তি অঞ্চলৰ পুনৰনিৰ্মাণ আৰ্থিকভাৱে সম্ভৱপৰ হবৰ বাবে প্ৰয়োজন অনুসাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু আন চহৰসমূহে অতিৰিক্ত ক্ষেত্ৰৰ সূচী(ফ্লোৰ এৰিয়া ৰেচিঅ)/মজিয়াৰবিস্তৃতিসূচী(ফ্লোৰ স্পেচ ইনডেক্স)/হস্তান্তৰযোগ্য উন্নয়নৰ অধিকাৰ (ট্ৰান্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছ) আদি যুগুতাব লাগিব।
  • বেচৰকাৰী ভূমিত অধিষ্ঠিত বস্তিৰ বাহিৰে অন্য বস্তিৰ পুনৰনিৰ্মাণৰ বাবদ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এই কেন্দ্ৰীয় অনুদান মোতায়েন কৰিব পাৰে। ইয়াৰ দ্বাৰা বুজা যায় যে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এনে প্ৰকল্পৰ অধীনত প্ৰতিটো গৃহ নিৰ্মাণৰ বাবদ ১ লাখতকৈ কম বা বেছি পৰিমাণৰ ধন বিনিয়োগ কৰিব পাৰিব, কিন্তু এই ব্যয় প্ৰতিটো গৃহ নিৰ্মাণৰ বাবদ গড়ে ১ লাখ টকাৰ ভিতৰত হব লাগিব।
  • কেন্দ্ৰৰ সাহায্যত নিৰ্মিত এই গৃহসমূহৰ মূধচৰ প্ৰক্ৰিয়া আৰু ধৰণসমূহ মন্ত্ৰালয়ে বিবেচনা কৰিব।
  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বিচাৰ কৰিব যে নতুনকৈ নিৰ্মিত গৃহসমূহ সম্পূৰ্ণ মালিকীস্বত্ব প্ৰদান কৰা হব নে পূনৰনিৰ্মাণ , বন্ধকত ৰখা বা উত্তৰাধিকাৰী সূত্ৰে লীজত প্ৰদান কৰা হব।
  • এনেদৰে নিৰ্মিত গৃহসমূহৰ কৰ অথবা হস্তান্তৰিত সিদ্ধান্তসমূহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা আৰোপ কৰা হব।
  • বেচৰকাৰী ভূমিত অৱস্থিত বস্তিসমূহৰ ইন-চিতো পুনৰনিৰ্মাণ কৰি যোগ্য বস্তিবাসীক প্ৰদান কৰাত উত্সাহিত কৰিবৰ বাবে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল বা নগৰীয়া স্থানীয় সংস্থাসমূহে অতিৰিক্ত ক্ষেত্ৰৰ সূচী(ফ্লোৰ এৰিয়া ৰেচিঅ)/মজিয়াৰ বিস্তৃতি সূচী(ফ্লোৰ স্পেচ ইনডেক্স)/হস্তান্তৰযোগ্য উন্নয়নৰ অধিকাৰ (ট্ৰান্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছ)ৰ ব্যৱস্থা কৰিব পাৰে। এনে ক্ষেত্ৰত কেন্দ্ৰীয় সাহায্যৰ ব্যৱহাৰ কৰিব পৰা নাযায়।
  • একোটা ব্যৱহাৰিক প্ৰকল্পৰ দুটাকৈ উপাদান থাকে- বস্তি অঞ্চলৰ পুনৰবাসৰ উপাদান যাৰ জৰিয়তে যোগ্য বস্তিবাসীকযথোপযুক্ত গৃহ প্ৰদান কৰা হয় আৰু বিনামূলীয়া বিক্ৰীযোগ্য উপাদান যি নিৰ্মাণকাৰী সংস্থাসমূহে বজাৰ মূল্যত বিক্ৰী কৰি এই সম্পূৰ্ণ নিৰ্মাণ কাৰ্য্যত উদ্ভৱ হোৱা ব্যয়ৰ ক্ষতিপূৰণ কৰিব পাৰে।

বেচৰকাৰী অংশীদাৰিত্বৰ দ্বাৰা বস্তি পুনৰবাসৰ প্ৰয়োগ/প্ৰচেষ্টা নিম্নোল্লেখিত ৰূপত দেখুওৱা হৈছে –

  • হাউছিং ফৰ অল প্লেন অৱ এক্সন (HFAPoA)ৰ অধীনত চিনাক্ত হোৱা সকলো যুক্তিসংগত বস্তিৰ নিৰ্বাচনৰ বাবে সেইসমূহৰ অৱস্থান, তেনে বস্তিত বাস কৰা গৃহলাভৰ যোগ্য পৰিয়ালসমূহ হিচাপ পৰা, বস্তি অঞ্চলটোৰ ক্ষেত্ৰফল, সেই বস্তিৰ ভূমিৰ বজাৰ সম্ভাৱ্যতা, ক্ষেত্ৰৰ সূচী(ফ্লোৰ এৰিয়া ৰেচিঅ)/মজিয়াৰ বিস্তৃতি সূচী(ফ্লোৰ স্পেচ ইনডেক্স)আদিৰ সহজলভ্যতা আৰু ভূমি অনুযায়ী জনসংখ্যাৰ ঘনত্ব ইত্যাদি বিষয়ৰ ভিত্তিত • বস্তিসমূহৰ পৰ্যবেক্ষণৰ ভিত্তিত, দায়িত্বত থকা কৰ্তৃত্বই বিবেচনা কৰিব যে উক্ত বস্তিসমূহ বেচৰকাৰী নিৰ্মাণকাৰী সংস্থাৰ সহায়ত পুনৰনিৰ্মাণ কৰি যোগ্য বস্তিবাসীক গৃহ প্ৰদান কৰা যাব নে নাযাব।বিবেচনা কৰা হব।
  • বস্তিসমূহৰ পৰ্যবেক্ষণৰ ভিত্তিত, দায়িত্বত থকা কৰ্তৃত্বই বিবেচনা কৰিব যে উক্ত বস্তিসমূহ বেচৰকাৰী নিৰ্মাণকাৰী সংস্থাৰ সহায়ত পুনৰনিৰ্মাণ কৰি যোগ্য বস্তিবাসীক গৃহ প্ৰদান কৰা যাব নে নাযাব।

  • কোনো কোনো ক্ষেত্ৰত প্ৰকল্পসমূহ আৰ্থিকভাৱে সম্ভৱ কৰি তুলিবৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অথবা চহৰসমূহে অতিৰিক্ত ক্ষেত্ৰৰ সূচী(ফ্লোৰ এৰিয়া ৰেচিঅ)/মজিয়াৰ বিস্তৃতি সূচী(ফ্লোৰ স্পেচ ইনডেক্স)বা হস্তান্তৰযোগ্য উন্নয়নৰ অধিকাৰ (ট্ৰান্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছ)প্ৰদৰ্শন কৰি ঘনত্ব অথবা আন নিয়মসমূহ শিথিল কৰিব পাৰিব। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আদিয়ে এনে ভূমিৰ কিছু অংশ ব্যৱসায়িক ব্যৱহাৰৰ বাবেও অনুমতি প্ৰদান কৰিব পাৰে।
  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে একাধিক নিকটৱৰ্ত্তী বস্তি অঞ্চলৰ গোট বনাই ইন-চিতো পুনৰনিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰিব পাৰে যাৰ দ্বাৰা এই প্ৰকল্পসমূহ আৰ্থিকভাৱে আৰু কাৰিকৰীভাৱে ব্যৱহাৰ্য হয়।বস্তিৰ এইধৰণৰ স্লাস্টাৰকএকক প্ৰকল্প হিচাপে গণ্য কৰা হয়।
  • একোটা প্ৰকল্প প্ৰস্তুত কৰোতে, প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণ কৰ্তৃপক্ষই বস্তিৰ ক্ষেত্ৰফল ভালদৰে বিচাৰ কৰি বেচৰকাৰী নিৰ্মাতাক যুগুতাব লাগিব। কোনো ক্ষেত্ৰত কোনো কোনো বস্তিৰ ক্ষেত্ৰফল প্ৰয়োজনতকৈ অধিক হব পাৰে, তেনে ক্ষেত্ৰত প্ৰকল্প পৰিকল্পনা কৰ্তৃপক্ষই মাথো প্ৰয়োজনীয় ক্ষেত্ৰত প্ৰয়োজনীয় ভূমিহে বেচৰকাৰী নিৰ্মাতাক প্ৰদান কৰিব লাগে আৰু অতিৰিক্ত ভূমি অন্য বস্তিত বাস কৰা দৰিদ্ৰ লোকৰ পূৰ্ণবাসনৰ বাবে ব্যৱহাৰ কৰিব পাৰে।
  • এনে প্ৰকল্প প্ৰস্তুত কৰোতে বস্তি অঞ্চলৰ বাসিন্দাসকলৰ সৈতে আলোচনাত বহিব লাগে, বিশেষকৈ বস্তি পুনৰনিৰ্মাণৰ আৰ্হি প্ৰস্তুত কৰোতে আলোচনা কৰাটো প্ৰয়োজনীয়।
  • বস্তি পুনৰনিৰ্মাণ প্ৰকল্পৰ বাবে বেচৰকাৰী নিৰ্মাণকাৰী সংস্থাৰ নিৰ্বাচন এক মুক্ত, স্বচ্ছ প্ৰস্তাৱনা পদ্ধতিৰ দ্বাৰা হব লাগে। এনে সংস্থাসমূহৰ যোগ্যতাৰ মাপদণ্ড ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অথবা নগৰীয়া স্থানীয় সংস্থাসমূহৰ দ্বাৰা বিবেচনা কৰা হব।
  • সকলো ধৰণৰ আৰ্থিক বানচ আৰু ৰেহাই এই প্ৰকল্পত সন্নিৱিষ্ট কৰি একোখন প্ৰায়ৰিৰ ৰূপত নিবিদাত প্ৰকাশ কৰিব লাগিব। হিতাধিকাৰী/বস্তিৰ বাসিন্দাৰ পৰা লাভ কৰা অৰিহণা আদিও এনে আৰ্থিক বানচ আৰু ৰেহাইৰ সৈতে সন্নিৱিষ্ট কৰিব লাগিব।
  • বিক্ৰীৰ যোগ্য নিৰ্মিত গৃহসমূহ বস্তি অঞ্চলৰ গৃহৰ সমাপন আৰু পুনৰ্বাসনৰ সৈতে সংযুক্ত কৰিব লাগিব। তেনে চৰ্তসমূহ নিবিদাত স্পষ্ট ৰূপত প্ৰকাশ কৰিব লাগিব যাতে পাছলৈ কোনো সমস্যাৰ সৃষ্টি নহয়।
  • বস্তি পুনৰনিৰ্মাণৰ সম্পূৰ্ণ দায়িত্ব এনে কাৰ্য ৰূপায়ণ কৰা সংস্থাৰ হাতত নিৰ্বাপন কৰিব লাগে যাতে যোগ্য বস্তি বাসিন্দাই এক স্বচ্ছ পদ্ধতিৰ দ্বাৰা নিজৰ গৃহসমূহ লাভ কৰে। তেনে গৃহ বিতৰণ কৰোতে শাৰিৰীকভাৱে অক্ষম আৰু বয়োজ্যেষ্ঠ নাগৰিক থকা পৰিয়ালসমূহক অগ্ৰাধিকাৰ দিয়াৰ লগতে তলৰ মহলাৰ আৱাস প্ৰদান কৰিব লাগে।
  • বস্তি পুনৰনিৰ্মাণৰ বাবে কৰা মুক্ত আগ্ৰহৰ ফলত হয়তো যোগাত্মক অধিহাৰ নতুবা ঋণাত্মক অধিহাৰ সৃষ্টি হব পাৰে। যোগাত্মক অধিহাৰৰ ক্ষেত্ৰত যি নিৰ্মাণকাৰী সংস্থাই সৰ্বোচ্চ যোগাত্মক অধিহাৰ প্ৰদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে আন সকলো চৰ্ত পূৰণ কৰিব পাৰিব, তেনে নিৰ্মাণকাৰী সংস্থাই নিৰ্বাচিত হব লাগে। আনহাতে, ঋণাত্মক অধিহাৰৰ ক্ষেত্ৰত ৰূপায়ণ কৰা কৰ্তৃত্বই আটাতকৈ নিম্নতম ঋণাত্মক অধিহাৰ প্ৰকাশ কৰা সংস্থাক নিৰ্বাচিত কৰিব। এনে প্ৰকল্পৰ সমাপনৰ বাবে প্ৰয়োজনীয় অৰ্থ কেন্দ্ৰ চৰকাৰে বস্তি আৰু পুৰ্ণবাসনৰ বাবে দিয়া অনুদানৰ পৰা অথবা ৰাজ্য চৰকাৰ আৰু ক্ষেত্ৰৰ সূচী(ফ্লোৰ এৰিয়া ৰেচিঅ)/মজিয়াৰ বিস্তৃতি সূচী(ফ্লোৰ স্পেচ ইনডেক্স)/হস্তান্তৰযোগ্য উন্নয়নৰ অধিকাৰ (ট্ৰান্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছ) নগৰীয়া স্থানীয় সংস্থাসমূহৰ নিজস্ব পুঁজি আৰু অন্যান্য প্ৰকল্পত লাভ কৰা ধনাত্মক অধিহাৰৰ পৰা গ্ৰহণ কৰিব পাৰি।
  • কোনো বেচৰকাৰী অংশীদাৰে যদি এক বুজন পৰিমাণৰ অনুদান দাবী কৰে তেন্তে তেনে কাৰ্য্যক উত্সাহ যোগোৱা নহব। এই মিছনত বস্তিসমূহক পুনৰনিৰ্মাণৰ বাবে অথবা কেঁচা/ভগ্নপ্ৰায় গৃহসমূহ পুনৰনিৰ্মাণৰ বাবে এই প্ৰকল্পৰ অধীনত গ্ৰহণ কৰা হয়।
  • বস্তিৰ পুনৰনিৰ্মাণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণ কৰ্তৃত্ব, নগৰীয়া স্থানীয় সংস্থা আদিৰ মাত্ৰ এটা প্ৰকল্পৰ ধন জমা একাউণ্ট থাকিব লাগিব যত ধনাত্মক অধিহাৰ, কেন্দ্ৰ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা বস্তি পুৰ্ণবাসনৰ অনুদান, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পুঁজি বা অন্য কোনো উত্সৰ ধন আদি সংগৃহীত হৈ থাকিব আৰু পুনৰনিৰ্মাণৰ কামত ব্যৱহাৰ হব। তেনেএকাউণ্ট চহৰ অনুযায়ী খুলিব পাৰি।
  • বস্তি পুৰ্ণবাসন প্ৰকল্পৰ বাবে বিভিন্ন সংস্থাৰ পৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিয়ম অনযায়ী অনুমোদন গ্ৰহণ কৰিব লাগিব. প্ৰকল্পৰ উন্নয়নৰ বাবে বিভিন্ন উন্নয়ন নিয়ন্ত্ৰণ নিয়মাৱলীত সাল-সলনিৰো প্ৰয়োজন হব পাৰে। তেনে সালসলনিৰ বাবে আৰু প্ৰকল্পৰ দ্ৰুত প্ৰস্তুতকৰণ আৰু অনুমোদনৰ বাবে একোখন কৰ্তৃত্বৰ গঠন কৰাটো প্ৰয়োজনীয় যিয়ে পৰিকল্পনাৰ নিয়মাৱলী সাল-সলনিৰ দায়িত্ব গ্ৰহণ কৰাৰ উপৰিও প্ৰকল্পৰ অনুমোদনত সহায় কৰিব পাৰিব।