মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs

উত্তৰ-পূব পৰিষদ আঁচনি

উত্তৰ-পূব পৰিষদ আঁচনি সম্পৰ্কে

            উত্তৰ-পূব পৰিষদ হল উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাকে ধৰি আঠখন ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয়নৰ প্ৰমুখ সংস্থা।

            উত্তৰ-পূব পৰিষদত ১৯৭১ চনত  সংসদীয় আইন অনুসৰি গঠন হয়। পৰিষদৰ সংবিধানখন উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে এটা নতুন মাত্ৰাৰ আৰম্ভণি বুলি ধৰিব পাৰি।

বিগত ৩৫ বছৰ ধৰি উত্তৰ-পূব পৰিষদে অঞ্চলটোৰ বাবে নতুন অৰ্থনৈতিক উদ্যমেৰে স্থবিৰ উন্নয়নক এটা নতুন মাত্ৰা দিবলৈ প্ৰচেষ্টা চলাই আহিছে। প্ৰচুৰ সম্ভাৱনা থকা কিন্তু বাস্তৱ ক্ষেত্ৰত পিছ পৰি ৰোৱা অঞ্চলটোৰ বাবে উত্তৰ-পূব পৰিষদে নতুন আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে।

  • গঠন

            উত্তৰ-পূব পৰিষদখন সংসদীয় আইন, The North Eastern Council Actৰ  যোগেদি ১৯৭১ চনত উত্তৰ-পূবৰ আঠখন ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু সন্তুলিত বিকাশৰ বাবে পৰামৰ্শ মণ্ডল হিচাপে আত্মপ্ৰকাশ ঘটে।

            উত্তৰ-পূব পৰিষদখন ছিকিমকে ধৰি উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল, এজন সঞ্চালক আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা তিনিজন সদস্যৰে গঠিত।

            উত্তৰ-পূব পৰিষদখন তলত উল্লেখিত কাৰ্যসমূহ কাৰ্যকৰী কৰিবলৈ গঠন কৰা হৈছে।

  • কাৰ্যাৱলী

            যিকোনো বিষয় বা বস্তুৰ ওপৰত আলোচনা যাক লৈ পৰিষদৰ কিছু সংখ্যক বা সকলো ৰাজ্যৰ প্ৰতিনিধিৰ সম আগ্ৰহী আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহক এই বিষয়ে অৱগত কৰোৱা, বিশেষকৈ-

  • যিকোনো অৰ্থনৈতিক আৰু সামাজিক নিয়োজন যাক লৈ আঠখন ৰাজ্য সম আগ্ৰহী
  • আন্তঃৰাজ্যিক পৰিবহন আৰু যোগাযোগ ব্যৱস্থা সম্বন্ধীয় যিকোনো বিষয়।
  • শক্তি আৰু বান নিয়ন্ত্ৰণৰ সম আগ্ৰহৰ প্ৰকল্প।
  • উত্তৰ-পূবৰ সন্তুলিত বিকাশৰ বাবে প্ৰস্তাৱ গঠন আৰু প্ৰেৰণ কৰা বিশেষকৈ তলত দিয়া ক্ষেত্ৰত-
  • ৰাজ্যিক প্ৰস্তাৱসমূহৰ লগত অতিৰিক্তভাৱে সংযোজন হবলগীয়া সম আগ্ৰহৰ প্ৰস্তাৱসমূহ একত্ৰিত বা সমযোজন কৰা।
  • আঞ্চলিক প্ৰকল্প আৰু আঁচনিসমূহক প্ৰাথমিকতা দিয়া আৰু অঞ্চলটোৰ সম মহত্বৰ বিষয়সমূহৰ স্তৰ অনুসৰি সূচী তৈয়াৰ কৰা আৰু
  • প্ৰকল্প আৰু আঁচনিসমূহৰ লগতে ইয়াৰ স্থান সম্পৰ্কে কেন্দ্ৰক জনোৱা।

ইয়াৰ বিবেচনাৰ কাৰণে চৰকাৰ(Government for its consideration)

            যেতিয়া এটা প্ৰকল্প বা আঁচনিৰ পৰা দুখন বা ততোধিক ৰাজ্যৰ উপকাৰৰ অভিপ্ৰায় থাকে তেতিয়া তেনে প্ৰকল্প বা আঁচনিখন পালন/ৰূপায়ণ আৰু পৰিচালিত হব পাৰে। লগতে এনে প্ৰকল্পৰ পৰা হোৱা লাভাংশ আৰু ব্যয়সমূহ ভৱিষ্যতত ভাগ হব।

  • সময়ে সময়ে ৰাজ্য চৰকাৰসমূহৰ মাজত ৰাজ্যৰ প্ৰকল্প/আঁচনিসমূহৰ ৰূপায়ণক লৈ সমন্বয় সাধন কৰা সমলসমূহৰ মাপকাঠি নিৰীক্ষণ কৰা।
  • আঞ্চলিক প্ৰকল্পৰ লগতে অন্যান্য প্ৰকল্পসমূহৰ বাবে কেন্দ্ৰই ৰাজ্য চৰকাৰক সময়ে সময়ে প্ৰদান কৰা আৰ্থিক অনুদানৰ ব্যয় নিৰীক্ষণ কৰা।
  • প্ৰকল্পসমূহ ৰূপায়ণ কৰা সংশ্লিষ্ট ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰীয় চৰকাৰক ৰূপায়িত হৈ থকা প্ৰকল্পসমূহৰ বাবে প্ৰয়োজনীয় জৰীপ কৰা আৰু প্ৰকল্পসমূহৰ অনুসন্ধান কৰি অঞ্চলটোক নতুন প্ৰকল্পৰ বাবে বিবেচিত কৰা।
  • সময়ে সময়ে পৰিষদত থকা ৰাজ্যসমূহৰ প্ৰতিনিধিয়ে সুৰক্ষা আৰু সাৰ্বজনীক ব্যৱস্থা (Public Order)ৰ তত্বাৱধানত তথা জোখমাপ কৰা।
  • নিৰীক্ষণ কৰা আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰক আৰু অধিক প্ৰয়োজনীয় তত্বাৱধানৰ বাবে উপদেশ দিয়া।

নগৰ আৰু দেশ উন্নয়ন, অসমৰ অধীনত আৰম্ভ কৰা প্ৰকল্প –

            আঞ্চলিক বহু উপযোগী নগৰ গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ।

Downloads
TitleSizeDetail
NEC at a Glance186.84 KBswf-image
Present Status of Projects under North Eastern Council(NEC)12.47 KBswf-image
Sanction Letter of Grants-In-Aid under North Eastern Council(NEC)1.39 MBswf-image
Guidelines of North Eastern Council(NEC)2.46 MBswf-image