অসমৰ ছয় বৃহত্ যেনে- শিলচৰ, তিনিচুকীয়া, যোৰহাট, ডিব্ৰুগড়, নগাঁও আৰু তেজপুৰত চহৰৰ অৱগাঁঠনি গঠন পুঁজিৰ ৰূপায়ণ কৰিব লাগিব। গঠনমূলক প্ৰকল্প যেনে- নদীৰ পাৰ, সমূহীয়া উদ্যান, বৈশিষ্ট্যপূৰ্ণ পথ, বিবাহ ভৱন, জিলা পুঁথিভৰাল, জিলা টেডিয়াৰ আদিৰ নিৰ্মাণৰ বাবে প্ৰত্যেকখন চহৰক চহৰ আন্তঃগাঁথনি গঠন পুঁজিৰ অধীনত ২০০ কোটিকৈ টকা আবণ্টন কৰা হব।
চহৰৰ অৱগাঁঠনি উন্নয়ন পুঁজি আঁচনিৰ উদ্দেশ্যসমূহ এনে ধৰণৰ-
- জনতাৰ সক্ৰিয় অংশগ্ৰহণৰ দ্বাৰা এই ছখন চহৰৰ সংকটপূৰ্ণ অৱগাঁঠনিক অভাৱসমূহ চিনাক্তকৰণ কৰা।
- এক নিৰ্দিষ্ট সময়সীমা, যেনে- ২৪ৰ পৰা ৩৬ মাহৰ ভিতৰত চহৰৰ অৱগাঁঠনি উন্নয়ন পুঁজিৰ ব্যৱহাৰ কৰি গুৰুতৰ সংকটপূৰ্ণ অভাৱসমূহ পূৰণ কৰা।
- চহৰৰ অৱগাঁঠনি উন্নয়ন পুঁজিৰ এনে ধৰণে ব্যৱহাৰ কৰা হয় যাতে এই চহৰসমূহৰ বৃহত্ সংখ্যক নাগৰিকে সৰ্বোচ্চ সুবিধা লাভ কৰিব পাৰে।
- বৰ্তমানে অৱস্থিত পুঁজিৰ উত্সসমূহ যেনে কেন্দ্ৰীয় আঁচনি, লোকসভাৰ সদস্য/বিধানসভাৰ সদস্য আদিৰ সৈতেও সহযোগিতা বঢ়োৱাৰ চেষ্টা কৰা।
Downloads
| Title | Size | Detail |
|---|
| Scheme Guidelines on City Infra Development Fund | 105.25 KB |  |